Website Design: dastechnologies
বিশ্বনাথ জিলা কৰ্তন কৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী
বিশ্বনাথ: বিশ্বনাথত এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে । ৩১ ডিচেম্বৰ ২০২২ ত অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে লোৱা বিশ্বনাথ জিলা বিলুপ্ত কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত বিশ্বনাথত এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে। বিশ্বনাথৰ বিৰোধী ঐক্য মঞ্চৰ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সমান্তৰালকৈ বিশ্বনাথৰ বিভিন্ন জাতীয় দল সংগঠনেও পৃথকে পৃথকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।নীতি আদৰ্শ পৃথক হলেও কিন্তু আজি প্ৰতিবাদী কাৰ্যসূচীৰ উদ্দেশ্য সকলোৰে কেবল এটাই । হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেত সিদ্ধান্ত বাতিল কৰি পুনৰ বিশ্বনাথক জিলাৰ মৰ্যাদা উভতাই দিয়ক ।

যাৰ বাবে বিশ্বনাথ নগৰত বিৰোধী ঐক্য মঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি হাতে হাতে বিজেপি চৰকাৰ বিৰোধী প্লে’কাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লগান প্ৰদৰ্শন কৰি বিশ্বনাথ নগৰত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে বিশ্বনাথ নগৰস্থিত আছুৰ ছহিদ ভৱনৰ পৰা চৰকাৰ বিৰোধী শ্লগান প্ৰদৰ্শন কৰি সমদল কৰি বিশ্বনাথ নগৰৰ পুলিচ পইন্টত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে ।