গোলাঘাটত পিতৃ আৰু পুত্ৰই ধৰ্ষণ কৰিলে এগৰাকী নাবালিকাক

0

গোলাঘাটৰ উৰিয়ামঘাটত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণকাণ্ড । পিতৃ আৰু পুত্ৰৰ যৌন কামনাৰ বলি হ’ল এগৰাকী নাবালিকা ৷ ইতিমধ্যে পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত দুই অভিযুক্তকে গ্ৰেপ্তাৰ কৰিছে উৰিয়ামঘাট আৰক্ষীয়ে ।
ধৃত দুয়োৰে ঘৰ উৰিয়ামঘাট থানাৰ অন্তৰ্গত ১ নং বিলগাঁৱত বুলি জানিব পৰা গৈছে । জানিব পৰামতে বিগত বৰ্ষৰ আগষ্ট মাহক ভুক্তভোগী নাবালিকা গৰাকীক ১ নং বিলগাঁৱৰে মোমায়েকৰ ঘৰৰ পৰা এজন লোকে নিজৰ ঘৰলৈ ধান কাটিবলৈ বুলি লৈ গৈছিল ৷ আৰু তাৰ পিচত নাবালিকা গৰাকীৰ ওপৰত নিজৰ অসৎ চৰিতাৰ্থ পূৰণ কৰিছিল পিতৃ আৰু পুত্ৰই ৷ ইফালে কিছুদিন পূৰ্বে ঘৰলৈ উভতি অহা ভুক্তভোগী নাবালিকাগৰাকীৰ মুখৰ পৰা ঘটনা সম্পৰ্কে জানিব পাৰি উৰিয়ামঘাট থানাত এজাহাৰ দিছিল ৷ উক্ত এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে আজি দুই পিতা পুত্ৰক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

Leave A Reply