গুৱাহাটীৰ সমীপৱৰ্তী মাজিৰগাঁৱত চতুৰ্থ বাৰ্ষিক হনুমান পূজাৰ আয়োজন

0

গুৱাহাটীৰ সমীপৱৰ্তী মাজিৰগাঁৱত চতুৰ্থ বাৰ্ষিক হনুমান পূজাৰ আয়োজন কৰা হৈছে । প্ৰতি বছৰৰ দৰে এইবেলিও পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তর্গত পলাশবাৰীৰ মাজিৰগাঁও (পুলৰমুখ)ত আয়োজন কৰা হৈছে চতুৰ্থ বাৰ্ষিক হনুমান পূজা৷ পলাশবাৰী আঞ্চলিক হৰিহৰ আশ্ৰমত অহা ৬ এপ্ৰিল(২২ চ’ত) বৃহস্পতিবাৰে এই পূজা অনুষ্ঠিত হ’ব৷ ইয়াৰ বাবে আয়োজকে প্ৰস্তুতি আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে ৷ উক্ত দিনা হনুমান পূজাত সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে পলাশবাৰী আঞ্চলিক হৰিহৰ আশ্ৰম সমিতিয়ে ৷

Leave A Reply