বৰপেটাত ৫ মহীয়া সন্তানৰ পেটত মৃত ভ্ৰূণ

0

বৰপেটাৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ বাবে অহা এটি ৫ মহীয়া সন্তানৰ পেটত এটা মৃত ভ্ৰুণ থকাৰ কথা প্ৰকাশ কৰিছে চিকিৎসকে ৷

জানিব পৰামতে, শিশুটোৱে অস্বাভাৱিক আচৰণ কৰা বাবে শিশুটোক মাতৃয়ে চিকিৎসকৰ ওচৰলৈ আনিছিল।

পৰীক্ষাৰ অন্তত শিশুটোৰ পেটত মৃত ভ্ৰুণ থকাৰ কথা পোহৰলৈ আহে ৷

চিকিৎসকে জানিবলৈ দিয়ামতে, এয়া অতি বিৰল ঘটনা ৷
চিকিৎসকে জানিবলৈ দিয়ামতে মাতৃয়ে গৰ্ভধাৰণৰ সময়তে শিশুটোৰ পেটত আন এটা ভ্ৰুণে বাহ লৈছিল ৷
প্ৰতি ৫ লাখ শিশুৰ ভিতৰত এটা শিশুৰ ক্ষেত্ৰত এনে ঘটনা ধৰা পৰে ৷
অৱশ্যে অস্ত্ৰোপচাৰৰ জৰিয়তে মৃত ভ্ৰুণটো আতৰাই আনিব লাগিব বুলিও জানিবলৈ দিয়ে চিকিৎসকে ৷

Leave A Reply