সাপ ওলাল, লাইট নুমাল: অসম ক্ৰিকেটত (Assam Cricket) হৈছে কি ?

0

গুৱাহাটী (Guwahati)বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ( India vs South Africa) মাজৰ টি২০ মেচ চলি আছিল । হঠাতে আম্পায়াৰে ইংগিত দিলে । ষ্টেডিয়াম ঠাহ খাই থকা মানুহবোৰে টলকিবই নোৱাৰিলে যে কি হ’ল ? লগে লগে কিছু মানুহ আহি ষ্টেডিয়ামৰ পৰা সাপ এডাল লৈ গ’ল । সকলোৱে গম পালে ষ্টেডিয়ামত সাপ ওলাইছে । কিছু সময়ৰ বাবে স্থগিত হৈ ৰ’ল মেচখন । খেল আৰম্ভ হ’ল । কিছু সময় পাচত লাইট এটা নুমাই গ’ল । খেলুৱৈয়ে খেল পথাৰ এৰিলে । কিছু সময় লাগিল, কিন্তু লাইট আহিল ।

শংকা কৰাৰ দৰে বৰষুণেও সমস্যাৰ সৃষ্টি নকৰিলে আৰু খেলখন সুকলমে সমাপ্ত হ’ল । কিন্তু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত এনে ঘটনা বিশেষকৈ লাইট নুমাই যোৱা ঘটনাই অসমবাসীক অস্বস্তিত পেলালে । সাপ ওলোৱা ঘটনা সন্দৰ্ভতো দেশ বিদেশৰ মানুহে প্ৰতিক্ৰিয়া ব্য়ক্ত কৰিছে । লগে লগে প্ৰশ্ন উত্থাপিত হৈছে যে, আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ মেচ সুকলমে অনুষ্ঠিত কৰিবলৈ এতিয়াও সম্পূৰ্ণৰূপে প্ৰস্তুত নহয় নেকি অসম ক্ৰিকেট সন্থা । এখন আন্তঃৰাষ্ট্ৰীয় খেলৰ মাজত লাইট নুমুৱাই যোৱা ঘটনাক সমগ্ৰ বিশ্বই পোনপটীয়া সম্প্ৰচাৰত দেখা পালে । এনে ধৰণৰ ঘটনাই অসম সম্পৰ্কে কেনেকুৱা ধাৰণাৰ সৃষ্টি কৰিব পাৰে সেইটো অনুমেয় । ইয়াৰ পূৰ্বেও ২০২০ চনত বৰষুণৰ সময়ত ইস্ট্ৰী, হেয়াৰ ড্ৰায়াৰেৰে সমালোচিত হৈছিল অসম ক্ৰিকেট সন্থা । ধাৰাবাহিক এনে ঘটনাৰ পুনৰাবৃত্তিয়ে ভৱিষ্য়তে অসমত ক্ৰিকেট খেল অনুষ্ঠিত কৰাত ব্যাঘাত জন্মাব পাৰে বুলিও শংকিত হৈছে ক্ৰিকেট প্ৰেমী ।

Leave A Reply