Fact Check: গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনত ৫৮ টা ৱাৰ্ডত প্ৰকৃততে বিজেপি (BJP) ৰ জয় হৈছেনে ?

0

ছ’চিয়েল মিডিয়াত দেখা গৈছে বিভ্ৰান্তিকৰ পোষ্ট

সম্প্ৰতি ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হোৱা দেখা গৈছে । পোষ্টবোৰত কোৱা হৈছে যে, শেহতীয়াকৈ অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে ৫৮ টা ৱাৰ্ডত জয় লাভ কৰিছে ।

এজন ফেচবুক ব্য়ৱহাৰ কাৰীয়ে পোষ্টত লিখিছে, “গুৱাহাটী পৌৰনিগমৰ ৬০ খন আসনৰ ৫৮ আসনতে বিজেপিৰ বৃহত জয় লাভ,বিৰোধী শূন্য
ধন্যবাদ গুৱাহাটীবাসী “ভাৰত মাতা কি জয়” ।

ভাইৰেল পোষ্টটি ইয়াত দেখা পোৱা যাব ।

লিংক

তদন্ত

ইয়াৰ বাবে আমি অনুসন্ধান আৰম্ভ কৰি দেখিলো যে, বিজেপিয়ে ৫২ টা ৱাৰ্ডত জয় লাভ কৰিবলৈ সক্ষম হৈছে ।
প্ৰমান হিচাপে নিৰ্বাচন আয়োগে দাখিল কৰা তথ্য দাখিল কৰা হ’ল ।

নিৰ্বাচন আয়োগৰ তথ্য

ইয়াত স্পষ্টকৈ দেখা গৈছে যে, বিজেপিয়ে জয় লাভ কৰিছে ৫২ টা ৱাৰ্ডত

তেন্তে ৫৮ টা কেনেকৈ হ’ল

ইয়াৰ বাবে আমাৰ দ্বাৰা আগশাৰীৰ কাকত আৰু টেলিভিছনৰ সংবাদ চোৱা হ’ল, তাত প্ৰত্য়ক্ষ কৰা হ’ল যে, বিজেপিয়ে ৫২ টা ৱাৰ্ডত জয়লাভ কৰাৰ বিপৰীতে মিত্ৰদল অগপই ৬ টা ৱাৰ্ডত জয়লাভ কৰিছে । গতিকে বিজেপিয়ে ৫৮ টা ৱাৰ্ডত জয়লাভ কৰাতো শুদ্ধ নহয় ।

প্ৰমান লিংক

দাবী – বিজেপিয়ে গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনত ৫৮ টা ৱাৰ্ডত জয়লাভ কৰিছে
ফলাফল – বিজেপিয়ে গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনত ৫২ টা ৱাৰ্ডত জয়লাভ কৰিছে । বাকী ৬ খন আসন মিত্ৰদল অগপই লাভ কৰিছে ।
অৰ্ধসত্য

( Summary – Recently a post has gone viral on social media platforms. “Bjp Has won 58 wards in the GMC election,” says on the post. After verifying fact is clear that actually BJP has won 52 ward and its alliance AGP has won 6 ward )

Viral Post – BJP has won 58 wards in the Guwahati municipal election?

Result – False

Leave A Reply