ছট পূজাৰ আনন্দৰ মাজতে বৰপেটাৰোডত (Barpetaroad) পানীত ডুবি মৃত্য়ু

0

বৰপেটাৰোড, ৩১ অক্টোবৰ : বৰপেটাৰোডত ছট পূজাত অংশ লবলৈ যোৱা এজন ভক্তৰ সলিল সমাধি ঘটে ৷ বৰপেটাৰোড (Barpetaroad) চহৰৰ মৰা মানাহ নৈৰ বিষ্ণু-জ্যোতি সৰোবৰত অনুষ্ঠিত ছট পূজাত অংশ লোৱা এগৰাকী ভক্তৰ সৰোবৰৰ পানীত ডুবি মৃত্যু হয় । মৃত্য়ু হোৱা লোকজনৰ নাম বাসুদেৱ ঘোষ ৷ দেওবাৰে সন্ধিয়া ৭ মান বজাত সংঘটিত হয় এই কৰুণ ঘটনা । লোকজনৰ ঘৰ বৰপেটাৰোডৰ শক্তি নগৰত ৷ ৬০ বছৰ বয়সীয়া লোকজন স্থানীয় এখন চাহ দোকানৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে ৷ পৰিয়ালৰ লোকৰ সৈতে ভক্তজনে ছট পূজাত ভাগ লবলৈ আহিছিল ৷পূজাস্থলীত উপস্থিত থকা SDRF জোৱানে সৰোবৰৰ পানীৰ পৰা লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰি লগে লগে বৰপেটা ৰোড হস্পিটালত ভৰ্তি কৰে যদিও চিকিৎসকে লোকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে ৷ বৰপেটা ৰোডত সংঘটিত এই ঘটনাই পূজাৰ সকলো আনন্দ উলাহ ম্লান কৰি তুলিছে ৷

ইপিনে সুৰক্ষা ব্যৱস্থা হিচাপে সৰোবৰৰ চৌপাশে বাঁহৰ বেৰিকেড দিয়া হৈছিল যদিও লোকজন কিদৰে সৰোবৰৰ পানীত পৰিল তাক লৈ একো জানিব পৰা নাই আয়োজকসকলে ৷

Leave A Reply