Website Design: dastechnologies
ধ্ৰুৱজ্যোতি দাসৰ এন্ধাৰে এন্ধাৰে কাব্যগ্রন্থ উন্মোচন
গুৱাহাটী: মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ধ্ৰুৱজ্যোতি দাসৰ তৃতীয়খন কাব্যগ্ৰন্থ উন্মোচিত হয়। বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই গ্ৰন্থখনি উন্মোচন কৰে।
ইয়াৰ লগতে গ্ৰন্থখনি উন্মোচন কৰি নিতুমণি শইকীয়াই কয় যে, “বিশেষভাৱে সক্ষম হোৱা স্বত্বেও ধ্ৰুৱজ্যোতিয়ে বিশেষ চিন্তাধাৰাৰে কবিতা ৰচনা কৰি পাঠকৰ লগতে মোৰ হৃদয় চুই গৈছে। ধ্ৰুৱজ্যোতিয়ে যিদৰে কবিতা ৰচনা কৰে সেয়া সঁচাকৈয়ে আশ্চৰ্য্যজনক, কিয়নো তেওঁৰ প্ৰতিটো চিন্তাধাৰা সাধাৰণ মানুহৰ ভাব-ধাৰাৰ পৰিসৰৰ বহু ওপৰত।” ইপিনে উক্ত উন্মোচনী সভাত আমন্ত্রিত অতিথি ক্ৰমে, গংগোত্ৰী ৰাভা, ললিতা ময়ী তালুকদাৰ, ডিম্বেশ্বৰ ৰাজবংশীৰ লগতে ভালে-সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।