আজিৰে পৰা গুৱাহাটীত দুদিনীয়াকৈ আৰম্ভ অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ- ২০২২

0

অসম ৰাজ্যিক কাৰাটে সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীৰ খানাপাৰাস্থিত গণেশ মন্দিৰ ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে কেডেট জুনিয়ৰ আৰু ছিনিয়ৰ শাখাৰ ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ ২০২২। ৰাজ্যৰ মুঠ ৩৫ খন জিলাৰ ১২০০ ৰো অধিক খেলুৱৈ আৰু ৮০ ৰো অধিক টেকনিকেল অফিচিয়েলৰ অংশগ্ৰহণে কৰিছে এই প্ৰতিযোগিতাখনত। বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম ৰাজ্যিক কাৰাটে সন্থাৰ সভাপতি তথা কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, অসম মন্ত্ৰীসভাৰ সদস্য যোগেন মহন, অসম অলিম্পিক সন্থাৰ উপ-সভাপতি কল্যাণ গগৈ , অসম ৰাজ্যিক কাৰাটে সন্থাৰ উপ-সভাপতি তথা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰি, ৰঞ্জন কাকতি, অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ভৱজ্যোতি গোস্বামী, অসম সাঁতোৰৰ গ্লেমাৰ বয় হিচাপে খ্যাত এলভিছ আলী হাজৰিকা, বিশিষ্ট সাংবাদিক বিপুল বৰ্মনকে ধৰি ক্ৰীড়াৰ লগত জড়িত কেইবাজনো বিশিষ্ট ব্যক্তি। শেহতীয়াকৈ নৰ্থ চেনেল সাঁতোৰি পাৰ হৈ ইতিহাস সৃষ্টি কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সাঁতোৰবিদ এলভিছ আলী হাজৰিকাক এই অনুষ্ঠানতে বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।
ইয়াৰ পিছতে যোৱা ৩০ ছেপ্টেম্বৰত এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা শিৱসাগৰৰ প্ৰতিভাৱান কাৰাটে খেলুৱৈ শিৰোমণি কোঁৱৰৰ মৃত্যুত অসম ৰাজ্যিক কাৰাটে সন্থাই গভীৰ শোক প্ৰকাশ কৰি এক মিনিটৰ বাবে মৌন প্ৰাৰ্থনাৰে আত্মাৰ সদগতি কামনা কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে এটি বিহু নৃত্যও প্ৰদৰ্শন কৰা হয়।

Leave A Reply