নেপালৰ বিমান দূৰ্ঘটনাত ৬৮ জন নিহত

0

ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি আজি ১৫ জানুৱাৰী ২০২৩ৰ ৰাতিপুৱা নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা প্ৰায় ৭২ জন লোকক কঢ়িয়াই নিয়া এখন বিমান পোখৰাত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নেপালত আজি কমেও ৬৮ জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনত ৬৮ জন যাত্ৰী আৰু চাৰিজন কৰ্মচাৰী আছিল বুলি সংবাদ প্ৰকাশ।
১৫ জন বিদেশী নাগৰিক আৰু ছয়টা শিশু বিমানত আছিল বুলি জানিব পৰা গৈছে ।

সূত্ৰ অনুসৰি ৫৩ নেপালী, ৫ জন ভাৰতীয়, ৪ জন ৰাছিয়ান, ২ জন কোৰিয়ান, ১ জন আৰ্জেন্টিনাৰ আৰু আয়াৰলেণ্ড, অষ্ট্ৰেলিয়া আৰু ফ্ৰান্সৰ এজনকৈ বিমানখনত আছিল। বাকী উদ্ধাৰ অভিযান অব্যাহত আছে।

Leave A Reply