ৰাজ্যজুৰি বিভিন্ন আৰ্হিত নিৰ্মাণ ভেলাঘৰ, ভোগালীক আদৰিবলৈ সাজু অসমবাসী

0

ভেলাঘৰ অসমীয়াৰ আবেগ। ভেলাঘৰ মাঘ বিহুত বনোৱা হয়। ভোগৰ উৎসৱ ভোগালীক লৈ ব্যস্ত হৈছে অসমৰ ৰাইজ। খোৱা লোৱা সামগ্ৰীত গুৰুত্ব দিয়াৰ সমান্তৰালকৈ গঞা ৰাইজে প্ৰধানকৈ মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে। পৰম্পৰাগত মেজি আৰু ভেলাঘৰৰ লগতে বিভিন্ন আৰ্হিত এইবাৰ নিৰ্মাণ কৰিছে ভেলাঘৰ। ক’ৰবাত যদি হাতী মানুহৰ সংঘাতৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰা হৈছে আন কোনো স্থানত মহা মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত নিৰ্মান হৈ আছে ভেলাঘৰ। মুঠতে সকলো এতিয়া ব্যস্ত ভোগালীক আদৰাৰ প্ৰস্তুতিত।
ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এখন গাঁৱত চাংঘৰ সদৃশ ভেলাঘৰ নিৰ্মাণ কৰি উৎফুল্লিত হৈ আছে ৰাইজ। ভেলাঘৰত আনন্দ উল্লাহ কৰি থকা এগৰাকী মহিলাই কয় যে, আমি মহিলাসকলে ঘৰতে বেছিভাগ সময় কাম কৰি থাকিব লাগে, এতিয়া বিহুৰ বতৰত সকলোৱে এনেদৰে কাম কৰি ভাল লাগিছে। উৰুকাৰ দিনা সকলোৱে লগ হৈ বিভিন্ন অনুস্থান কৰা হ’ব‍, তেও লগতে কয়।
লখিমপুৰৰ এখন গাঁৱত লণ্ডণ টাৱাৰৰ আৰ্হিত মেজি নিৰ্মাণ কৰি ৰাইজে কয় যে, অসমীয়া জাতিটো সংস্কৃতি আৰু সাহিত্যৰ ক্ষেত্ৰত ইমানেই সমৃদ্ধিশালী যে ইয়াক ভাষাৰে কৈ শেষ কৰিব নোৱাৰি। তেও লগতে কয় যে, ভেলাঘৰ নিৰ্মাণৰ বাবে নতুন প্ৰজন্ম আগবাঢ়ি অহাটো জাতিটোৰ বাবে শুভ লক্ষণ।
আনহাতে, কাজিৰঙাৰ জন্তু পাৰ হবলৈ নিৰ্মাণ কৰিবলগীয়া উৰণীয়া সেতুৰ আৰ্হিত ভেলঘৰ বনোৱা হৈছে। এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰি এই ভেলাঘৰ নিৰ্মান কৰা হৈছে যোৰহাটত।
ইজিপ্তৰ পিৰামিডৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে আমগুৰিৰ যুৱকসকলে। যুৱকসকলে কয় যে, উৰুকাৰ দিনা বিভিন্ন অনুষ্ঠানৰ মাজেৰে ৰাইজে বিহু উদযাপন কৰিব। নিশা প্ৰায় ১০০ টাতকৈ অধিক হাহেৰে সমূহীয়া ভোজৰ আয়োজন কৰা হৈছে বুলিও তেওলোকে উল্লেখ কৰে।
আনহাতে, আশীৰ দশকৰ গাঁৱলীয়া পৰিবেশ প্ৰতিফলিত কৰি এক ভেলাঘৰ নিৰ্মাণ কৰিছে মংগলদৈ অঞ্চলত। পূৰ্বতে এখন ঘৰত কেনেকুৱা পৰিবেশ আছিল, এই ভেলাঘৰৰ জড়িয়তে নতুন প্ৰজন্মক চিনাকী কৰাৰ উদ্দেশ্যে এনেদৰে বনোৱা হৈছে বুলি ৰাইজে জানিবলৈ দিয়ে।
গোৱালপাৰাত হেলিকপ্তাৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। আনহাতে, নগাৱৰ ৰহাত হাতী মানুহৰ সংঘাত দেখুৱাই ভেলাঘৰ নিৰ্মাণ কৰা হৈছে। ডিব্ৰুগড়ত লালকিল্লাৰ লগতে, অসমৰ বিভিন্ন চিহ্ন প্ৰতিফলনত কৰি বিভিন্ন স্থানত ভেলাঘৰ বনোৱা হৈছে। ইফালে, গোলাঘাট আৰু নগাৱত মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ।


ইফালে, বিভিন্নজনে চচিয়েল মিডিয়াত ইয়াক সমালোচনা কৰি লিখিছে যে, ‘ধুনীয়াকৈ সাজিছে সঁচা, কিন্তু এয়াই নেকি আমাৰ মাঘ বিহুৰ উদ্দেশ্য, মানু্হ বোৰ উচ্চ শিক্ষিত হৈছে হওঁক, কিন্তু ইমান উচ্চশিক্ষিত ও হব নালাগে যিয়ে নেকি ভেলা ঘৰ আৰু মন্দিৰ এটাৰ পাৰ্থক্য বুজি নাপায়। ভেলা ঘৰ বা মেজি যাক আমি জ্বলাই দিওঁ, কিন্তু মন্দিৰ এটাক জ্বলাব পাৰিবনে? ‘
আন এগৰাকীয়ে লিখিছে যে, ভেলা ঘৰক ভেলা ঘৰ হৈ থাকিবলৈ দিয়ক । ‘সম্প্ৰতি জনপ্ৰিয়তাৰ নামত ভেলাঘৰটোক বিভিন্ন ধৰণেৰে নিৰ্মাণ কৰি বিকৃত নকৰিব। নহলে আমাৰ পিছৰ প্ৰজন্মই ভেলা ঘৰৰ মূল উদ্দেশ্য কি নাজানিব। এটা সময়ত ভেলাঘৰৰ মাদকতা হেৰাই যাব আমাৰ ভৱিষ্যত প্ৰজন্মৰ মাজত। ইয়াৰ বাবে কিন্তু দায়ী হব বৰ্তমানৰ এনে ধৰণৰ একাংশ বিকৃত সমাজ, তেও লগতে উল্লেখ কৰে।
আকৌ আন এজনে কয় ভেলা ঘৰ কাৰো আৰ্হিত নিৰ্মাণ কৰিব লাগে বুলি নাভাবো, পৰম্পৰাগত ভাবেই নিৰ্মাণ কৰিব লাগে।

কিন্তু তাৰ মাজতেই নানা উৎসাহ উদ্দীপনাৰে ৰাজ্যজুৰি প্ৰস্তুতি চলিছে ভোগালীৰ

Leave A Reply