Website Design: dastechnologies
গুৱাহাটী: ইউটুবাৰ প্ৰিয়লিনা নাথৰ মৃতদেহ উদ্ধাৰ। ১২ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বামুণীমৈদান অঞ্চলৰ পৰা উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহটো।
তেও ইউটিউবত চাংগী ভ্লগ হিচাপে জনপ্ৰিয় আছিল।
প্ৰিয়লিনাৰ মৃত্যু হত্যা আছিল নে আত্মহত্যা সেইটো এতিয়াও সন্দেহৰ আওতাত আছে।
আৰক্ষীয়ে বিচনাত পৰি থকা মৃতদেহটো উদ্ধাৰ কৰে আৰু ঘটনাসন্দৰ্ভত আৰক্ষীয়ে স্বামী পংকজ নাথক গ্ৰেপ্তাৰ কৰিছে।
চান্দমাৰী আৰক্ষীয়ে জনোৱা মতে, আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ আগতে পংকজ নাথে মৃতদেহটো ওলমি থকা অৱস্থাৰ পৰা নমাই আনিছিল। ১২ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ১০ বজাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল। আৰক্ষীয়ে এইটোও উল্লেখ কৰিছিল যে মুখত আঘাতৰ চিন আছিল।
তেওঁ স্বামী পংকজ নাথৰ সৈতে বামুণিমৈদান অঞ্চলৰ এটা ভাড়াঘৰত বাস কৰিছিল। পংকজ নাথে এখন ফাৰ্মাচীত কাম কৰি আছে।