True and Honest

শিৱসাগৰত কেইবাটাও শগুনৰ মৃ়ত্যু

0 70

শিৱসাগৰত প্ৰাণ হেৰুৱালে ২৫ টাকৈ বিৰল প্ৰজাতিৰ শগুনে। আনহাতে গুৰুতৰভাৱে অসুস্থ হয় ৮ টাকৈ শগুন। মৃত গৰু ভক্ষণ কৰাৰ ফলতেই এনে এক ঘটনা সংঘটিত হোৱাৰ সন্দেহ । স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ দল । অসুস্থ ৮ টাকৈ শগুনক চিকিৎসাৰ বাবে ততাতৈয়াকৈ লৈ যোৱা হয় শিৱসাগৰৰ ৰাজ্যিক পশু চিকিৎসালয়লৈ । মৃত ২৫ টাকৈ শগুনৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত ঘটনাস্থলীতে সমাধিস্থ কৰা হয়।
মৃত জীৱ-জন্তুক মুকলি ঠাইত দায়িত্বহীনভাৱে পেলাই দিয়াৰ ফলতে এনে এটি মৰ্মান্তিক ঘটনা সংঘটিত হোৱা বুলি মন্তব্য সমাজ সচেতন ৰাইজৰ।

Leave A Reply