True and Honest

বিহালীত এটি ৰাজহুৱা বিলত উপঙিছে বিভিন্ন প্ৰজাতিৰ মাছ

0 77

দুষ্টচক্ৰই বিহ ঢলাৰ সন্দেহ স্থানীয় ৰাইজৰ

বাপতিসাহোন‌ মাঘ বিহুত পৰম্পৰাগত ভাবে বহু বছৰ আগৰ পৰা সমুহীয়া মাছ মৰাৰ আনন্দ এইবাৰ ম্লান পৰিল বিহালী সমষ্টিৰ অন্তৰ্গত ৩ খনকৈ গাঁওত । বিহালীৰ বৰাজুলীস্থিত বৃহৎ ৰাজহুৱা বিলত কালিৰে পৰা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে নানা – প্ৰজাতিৰ মাছৰ অস্বাভাৱিক মৃত্যু । বহু বছৰ আগৰ পৰাই উক্ত বিলখনত ৩ খনকৈ গাঁওৰ গঞাই মাঘ বিহুৰ পূৰ্বে সমুহীয়াভাৱে মাছ ধৰি আনন্দ উল্লাহেৰে বিহুটি উদযাপন কৰি আহিছিল। কিন্তু এইবাৰ বিহালীৰ ৩ খন গাঁওৰ ৰাইজৰ মাঘ বিহুৰ আনন্দ ম্লান কৰিলে কোনো দুষ্ট লোকে ।
তথ্য অনুসৰি কোনো দুষ্ট লোকে ৰাজহুৱা বিলখনত বিহ ঢালি মাছ হত্যা কৰা কাৰ্য্যক স্থানীয় ৰাইজে তীব্ৰ ভাষাৰে গৰিহণা দি ঘটনা সন্দৰ্ভত বিহালী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । ইতিমধ্যে আৰক্ষীয়ে ও ঘটনা সন্দৰ্ভত দোষীক বিচাৰি তদন্ত অব্যাহত ৰাখিছে ।

Leave A Reply