Website Design: dastechnologies
বর্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত সাঁচিগছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণৰ সফল সমাপন
যোৰহাট: যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত যোৱা 30 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰী, 2023 লৈ অনুষ্ঠিত হোৱা সাঁচিগছৰ খেতি আৰু কৃত্ৰিম ভেঁকুৰ সংস্থাপনৰ কৌশলৰ ওপৰত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ কৰ্মশালাৰ সফল সমাপন হয়। ভাৰতৰ মুঠতে ছখন ৰাজ্যৰ ওঠৰ জন প্ৰশিক্ষাৰ্থীয়ে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে।
প্ৰশিক্ষণৰ আৰম্ভণিতে যোৰহাটত অনুষ্ঠিত হোৱা অনুস্থানত প্ৰশিক্ষাৰ্থী সকলক আদৰণি জনাই প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ ৰাজীৱ কুমাৰ বৰাই। প্ৰশিক্ষণৰ প্ৰথম কাৰিকৰী প্ৰশিক্ষণ আগবঢ়াই প্ৰতিষ্ঠানৰ বিজ্ঞানী সত্যম বৰদলৈয়ে। তেখেতে সাঁচিগছৰ গুৰুত্ব, পুলিবাগান প্ৰস্তুতকৰণ, সাঁচিগছৰ বাৰী গঢ়ি তোলা আদি কৰি বিভিন্ন দিশ সামৰি প্ৰশিক্ষণ আগবঢ়ায়। প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী তথা সঞ্চালক, ডঃ বৰাই কৃত্ৰিম ভাবে সাঁচিগছত ভেঁকুৰ সংস্থাপন কৰি আগৰ তেল প্ৰস্তুত কৰা, সাঁচি গছৰ লগত জড়িত আইন সংগত বিষয় সমূহ, সাঁচিগছৰ উৎপাদিত সামগ্ৰী ৰপ্তানি পৰিমাণ আদি কৰি বিভিন্ন দিশত প্ৰশিক্ষণ আগবঢ়ায়। সাঁচিগছত কেনেকৈ ফুটা কৰি ভেকুৰৰ inoculum সুমুৱাই দিয়া হয় তাৰ ওপৰত হাতে কামে কৰি দেখুৱা হয়।
প্ৰশিক্ষাৰ্থী সকলক যোৰহাটৰ পৰা শিৱসাগৰ জিলাৰ নামতি অঞ্চললৈ ক্ষেত্ৰ অধ্যয়নৰ বাবে লৈ যোৱা হয়। ইয়াতে প্ৰশিক্ষাৰ্থী সকলে প্ৰাকৃতিক ভাবে পোক লাগি ‘মাল’ধৰা গছবোৰ আৰু পৰম্পৰাগত ভাৱে চলাই থকা পাতন প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰে। সাঁচি খেতি তথা এই ব্যৱসায়ৰ লগত জড়িত বিভিন্ন জনৰ লগত মত বিনিময় কৰা হয়। প্ৰশিক্ষণৰ শেষত অনুষ্ঠিত হোৱা সমাপন অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰা হয়।
সামৰণি অনুষ্ঠানত অসমৰ প্ৰাক্তন প্ৰধান মুখ্য বন সংৰক্ষক ৰাজেন্দ্ৰ প্ৰসাদ আগৰৱালাই সাঁচি গছৰ খেতি, ইয়াৰ উৎপাদিত সামগ্ৰীৰ ৰপ্তানি, নতুন সাঁচি বাৰীৰ registration, আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণ বিভাগৰ মুৰব্বী বিজ্ঞানী ৰাজীৱ কুমাৰ কলিতাই সমগ্ৰ প্ৰশিক্ষণ কাৰ্যসূচী শুনিয়াৰীকৈ পৰিচালনা কৰি সফল সমাপন কৰে।