Website Design: dastechnologies
সাঁচি গছৰ ওপৰত যোৰহাটত তিনিদিনীয়া প্ৰশিক্ষণ
সাঁচি গছৰ বৰ্দ্ধিত গুৰুত্বলৈ লক্ষ্য ৰাখি যোৰহাটৰ বৰ্ষাৰণ্য গৱেষনা প্ৰতিষ্ঠানে অহা ৩০, ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী ২০২৩ত এটি প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰিছে। এই কাৰ্যসূচীত সাঁচিগছৰ পুলিবাগান প্ৰস্তুতকৰণ, সাঁচিগছৰ বাগান গঢ়ি তোলাৰ আৰু পুৰঠ গছত কৃত্ৰিমভাৱে ভেঁকুৰ সংস্থাপন কৰি কেনেকৈ আগৰ তেল উৎপন্ন কৰা হয় তাৰ ওপৰত বিস্তাৰিত ভাৱে হাতে কামে কৰি দেখুৱাই প্ৰশিক্ষণ দিয়া হব। অসম তথা ভাৰতৰ বভিন্ন ৰাজ্যৰ ইচ্ছুক ব্যক্তিয়ে এই প্ৰশিক্ষণত অংশ গ্ৰহণ কৰিব পাৰিব। এই প্ৰশিক্ষণত থকা আৰু খোৱাৰ সুবিধা প্ৰদান কৰা হব। অৱশ্যে ইয়াৰ বাবদ প্ৰশিক্ষণ মাচুল আদায় কৰিব লাগিব। সকলো কথা জানিবৰ বাবে ইচ্ছুক ব্যক্তিসকলক অতি সোনকালে প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণ বিভাগৰ মুৰব্বীৰ লগত 9435351736 নম্বৰত যোগাযোগ কৰিবৰ বাবে আহ্বান জনোৱা হৈছে।