True and Honest

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল, কাৰ বাবে আহিব সুখবৰ (assam recruitment result)

0 88

গুৱাহাটী : ১৮ ছেপ্তেম্বৰ ২০২২ দেওবাৰে অসম আৰক্ষীৰ সহস্ৰাধিক পদৰ ফলাফল ঘোষণা কৰা হয় । তাৰ পাচতে এতিয়া চৰ্চিত হৈছে অলপতে অনুষ্ঠিত হৈ যোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ ফলাফলৰ কথা । মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৮ আগষ্টত ঘোষণা কৰা অনুসৰি এমাহৰ ভিতৰতে দিয়া হ’ব ফলাফল । সেই অনুসৰি ২৮ ছেপ্তেম্বৰৰ পূৰ্বেই ঘোষণা হ’ব পাৰে ফলাফল । জানিব পৰামতে, ছেপ্তেম্বৰৰ শেষত আৰু অক্টোবৰৰ প্ৰথম সপ্তাহত দুটা পৰ্যায়ত ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে । এই ফলাফলৰ বাবে অপেক্ষাত আছে ১০ লাখৰো অধিক চাকৰি প্ৰত্যাশী । ২৬ হাজাৰৰো অধিক পদৰ বাবে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল ১০ লক্ষাধিক প্ৰাৰ্থী । (assam recruitment result)
ইফালে, কটকটীয়া নিৰাপত্তাৰ মাজত পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাচতো নিযুক্তি সন্দৰ্ভত বিভিন্ন অভিযোগ উত্থাপন হৈছে । ইয়াৰ মাজতে শীঘ্ৰেই চৰকাৰে নিকা নিযুক্তিৰ আশ্বাস দিছে । মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি ফলাফল দিলে চলিত মাহতে বহুতৰ বাবে সুখবৰ অহাৰ সম্ভাৱনা আছে ।

Leave A Reply