True and Honest

একাংশ পতিয়ে পত্নীক পঢ়ুৱাই উচ্চ শিক্ষিত কৰিব বিচৰা নাই

0 231

জ্যোতি মৌৰ্য – আলোক মৌৰ্যৰ কাহিনীত দেশজুৰি আলোড়ন

শেহতীয়াকৈ বিহাৰত এগৰাকী ব্যক্তিয়ে পত্নীক পঢ়াত বাধা আৰোপ কৰিছে। মহিলাগৰাকীয়ে লোক সেৱা আয়োগৰ পৰীক্ষাৰ বাবে ঘৰৰ পৰা দূৰৈত থাকি প্ৰস্তুতি চলাই আছিল। পতিয়ে বাধা আৰোপ কৰাৰ বাবে সংবাদ মাধ্যমৰ ওচৰত ক্ষোভ ব্যক্ত কৰে মহিলাগৰাকীয়ে।

এই সন্দৰ্ভত ব্যক্তিগৰাকীয়ে (পতি) জানিবলৈ দিয়ে যে পঢ়ি শুনি উচ্চশিক্ষিত হৈ পত্নীয়ে প্ৰতাৰণা কৰিব বুলি তেও শংকাত ভূগিছে । কেৱল এইটো দম্পত্তিয়ে নহয়‍, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়া এনেধৰণৰ খবৰ লাভ কৰা গৈছে।
কিন্তু হঠাতে কিয় সংঘটিত হৈছে এনে ঘটনা ? সেই কথা জানিবলৈ উত্তৰ প্ৰদেশত সংঘটিত এক ঘটনাৰ বিষয়ে জানিব লাগিব।

আৰু পঢ়ক : দেৰগাঁৱৰ প্ৰশান্ত বৰঠাকুৰৰ গৃহত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য


কিছুদিন পূৰ্বে আলোক মৌৰ্য নামৰ উত্তৰ প্ৰদেশৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তেওৰ পত্নীৰ বিৰুদ্ধে আনিছে বিস্ফোৰক অভিযোগ। আলোক মৌৰ্যই উল্লেখ কৰা অনুসৰি প্ৰায় দহ বছৰ পূৰ্বে জ্যোতি মৌৰ্যৰ সৈতে তেও বিবাহ পাশত আৱদ্ধ হৈছিল। তাৰ পাছত আলোকৰ পৰিয়ালৰ সহায় আৰু সহযোগত লোক সেৱা পৰীক্ষাত উত্তীৰ্ণ হৈ ২০১৬ চনত উচ্চ পদস্থ বিষয়া হিচাপে যোগদান কৰিছিল। কিন্তু পাছলৈ অন্য লোকৰ সৈতে প্ৰেমত আৱদ্ধ হৈ আলোকক প্ৰতাৰণা কৰিছে আৰু বিবাহ বিচ্ছেদ কৰিবলৈ তৎপৰ হৈছে। লগতে, উচ্চ পদস্থ বিষয়া হৈ দূৰ্নীতিত লিপ্ত হোৱাৰ কথাও পত্নীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে।
ইফালে, এই অভিযোগ নস্যাৎ কৰি পত্নী জ্যোতি মৌৰ্যই কয় যে, পতি আৰু পৰিয়ালে যৌতুকৰ নামত বিলাসী বাহন দাবী কৰিছে। এই সকলো অভিযোগ মিছা বুলি তেও প্ৰকাশ কৰে।
আলোক মৌৰ্যই পত্নীক আকৌ একেলগে বিচাৰে। তেওলোকৰ ন বছৰীয়া সন্তানৰ স্বাৰ্থত দুয়ো একেলগে থাকিব আগ্ৰহ প্ৰকাশ কৰে আলোকে।
সমগ্ৰ বিষয়টো এতিয়া আইনৰ আওতাত আহিছে।

এই অভিযোগ আৰু প্ৰতি অভিযোগৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সমগ্ৰ দেশতে দেখিবলৈ পোৱা গৈছে। দেশৰ বহু লোকে এতিয়া পত্নীক প্ৰতাৰণা কৰাৰ শংকাত পঢ়ুৱাবলৈ অমান্তি হৈছে।

More : 20-Year-Old Girl Injured after Individuals Put Chili Powder on Her Private Parts in Guwahati, four arrested

Leave A Reply