True and Honest

গুৱাহাটীত ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল আৰম্ভ

0 74

গুৱাহাটী, ২ ফেব্ৰুৱাৰী : ভাৰতীয় ভলীবল ফেডাৰেছনৰ তত্ত্বাৱধানত তথা অসম চৰকাৰৰ সহযোগত অসম ভলীবল সন্থাই আয়োজন কৰা ৭১ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাখন আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে। উল্লেখ্য যে গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ আজি প্ৰথমদিনা পুৰুষ আৰু মহিলাৰ গ্ৰুপ মেচসমূহ অনুষ্ঠিত হয়।

প্রতিযোগিতাৰ উদ্বোধনী মেচত পুৰুষ শাখাৰ গ্ৰুপ এফ’ৰ খেলত দিল্লীয়ে ৩-০ (২৫-৫, ২৫-১১, ২৫-১০) ৰ ব্যৱধানত পৰাস্ত কৰে লাডাখক। আনহাতে, পুরুষ শাখাৰ গ্রুপ ‘এফ’ৰ অন্য এখন খেলত মধ্য প্রদেশে ৩-১ ৰ ব্যৱধানত পৰাস্ত কৰে গোৱাক । ইফালে, মহিলাৰ প্ৰথম মেচত গ্রুপ ‘এফ’ৰ খেলত মধ্য প্রদেশে ৩-০ (২৫-১২, ২৫-৭, ২৫-১৩) ৰ ব্যৱধানত পৰাস্ত কৰে জন্ম আৰু কাশ্মীৰ দলক। আনহাতে, মহিলাৰ অন্য এখন মেচত গ্রুপ ‘ই’ৰ খেলত অন্ধ্র প্রদেশে ৩-০ (২৫-৭, ২৫-৯, ২৫-৭) ব্যৱধানত পৰাস্ত কৰে লাডাখক।

উল্লেখ্য যে পুৰুষ শাখাৰ গ্ৰুপ ‘ডি’ত অসম আৰু মিজোৰামৰ লগতে আছে উত্তৰাখণ্ড, তেলেংগানা, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশ। ইফালে, মহিলা শাখাত অসমৰ লগতে আছে ‘ডি’ত থকা অন্য দল কেইটা হ’ল : দিল্লী, তেলেংগানা, বিহাৰ আৰু মণিপুৰ।

ইয়াৰ পূৰ্বে কেবাগৰাকীয়ো বিশিষ্ট অতিথিৰ উপস্থিতিত প্রতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসমৰ চৰকাৰৰ মন্ত্ৰী তথা প্ৰতিযোগিতাৰ আয়োজক কমিটীৰ সভাপতি পিয়ুষ হাজৰিকা, মন্ত্ৰী অশোক সিংঘাল, ভাৰতীয় ভলীবল ফেডাৰেছনৰ জ্যেষ্ঠ উপসভাপতি ৰথিম ৰয় চৌধুৰী, সচিব প্রধান অনিল চৌধুৰী, দ্রোনাচার্য সন্মান লাভ কৰা প্ৰশিক্ষক জি এছ শ্ৰীম, বিধায়ক মনোৰঞ্জন তালুকদাৰ, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, অসম ভলীবল সন্থাৰ সভাপতি সুশান্ত বিশ্ব শৰ্মা, সম্পাদক প্রকাশ বৰা আদি ।

Leave A Reply