True and Honest

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এটা ঢেকিয়াপতীয়া বাঘৰ বাৰ্ধক্য জনিত কাৰনত মৃত্যু

0 75

দলগাঁও: ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এটা ঢেকিয়াপতীয়া বাঘৰ বাৰ্ধক্য জনিত কাৰনত বনৰ ৰজাৰ মৃত্যু হয় । বাৰ্ধক্য জনিত কাৰণত মৃত্যু হয় হৈছে এটা ঢেকীয়াপতীয়া বাঘ । ২ ফেব্ৰুৱাৰীত তহলদাৰী দলে পূৱাৰ ভাগত ভৱপুৰ কেম্পৰ ওচৰত প্ৰত্যক্ষ কৰে এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ । বাঘৰ মৃতদেহ উদ্ধাৰৰ পাছতে উপস্থিত হয় দৰঙৰ বনবিভাগ । বাঘৰ মৃত্যুৰ খবৰ পাই উপস্থিত হয় উদ্যানখনৰ জিলা বন প্ৰাধিকাৰী প্রদীপ্ত বৰুৱা লগত দলগাঁৱৰ পশু চিকিৎসক মহিদুল হকৰ লগতে আঞ্চলিক বন বিষয়া দিব্যজ্যোতি দেউৰী বন পালক প্ৰানজিৎ ডেকা, ফটোগ্ৰাফী নেজিৱ আহমেদ লগতে সাংবাদিকৰ এটা দল উপস্থিত হয়। দলটোৱে তৎকালীনভাবে আৰম্ভ কৰে মৃত্যুৰ অনুসন্ধান। পিছত গম পাই যে বাৰ্ধক্য জনিত কাৰণত মৃত্যু হৈছে ঢেকীয়াপতীয়া বাঘটো। মৃত্যু হোৱা বাঘটোৰ জোখমাখ কৰি মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰা হয়। উদ্যান কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি ২৪ টাকৈ ঢেকীয়াপতীয়া বাঘ আছে।

Leave A Reply