Website Design: dastechnologies
ডিব্ৰুগড়ত ৰাইজৰ দলত যোগদান কাৰ্যসূচী
ডিব্ৰুগড় জিলাত ৩০৫ জন বিভিন্ন ৰাজনৈতিক দলৰ ব্যক্তি আৰু সাধাৰণ নাগৰিকে ৰাইজৰ দলত যোগদান কৰে। ৪ আগষ্টত ডিব্ৰুগড় নগৰৰ আমোলাপট্টি নাট্য মন্দিৰত অনুষ্ঠিত এক যোগদান সমাৰোহত ৰাইজৰ দলৰ জিলা সমিতিৰ সভাপতি ডঃ অমূল্য আহোমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ , কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকন, উপ সভাপতি দীপক শইকীয়া, হিৰণ্ময়ী বৰগোহাঁই, মোহিনী মোহন লিগিৰা আৰু সম্পাদক ৰাতুল গগৈ উপস্থিত থাকে।
বৃহৎ সংখ্যক লোকে যোগদান কৰাৰ কাৰণে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে তেখেত সকলক কৃতজ্ঞতা জনাই কয় যে এই যোগদানে আমাৰ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰিব আৰু অসমৰ ৰাজনীতিৰ ভৱিষ্যত নিৰ্ধাৰণৰ ক্ষেত্ৰত তাৎপর্যপূর্ণ ভূমিকা পালন কৰিব।