True and Honest

RTI ত উপলব্ধ নহ’ল ৰবীন্দ্ৰ ভৱন পুনঃনিৰ্মাণ সম্পূৰ্ণ আৰু মুকলিৰ দিন

0 126

বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ

বিগত বহু দিন ধৰি বন্ধ হৈ থকা গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনৰ পুননিৰ্মাণ সম্পূৰ্ণ হোৱাৰ তাৰিখ আৰু ৰাইজৰ বাবে মুকলি হোৱাৰ দিনৰ তথ্য প্ৰকাশ কৰিব নোৱাৰিলে ৰাজ্যৰ সাংস্কৃতিক সঞ্চালকালয় অসমে। এই বিষয়ে তথ্য যোগান দিব নোৱাৰিলে নিৰ্মাণ কাৰ্যত জড়িত লোক নিৰ্মাণ (PWD) বিভাগে।
তথ্য জনাৰ অধিকাৰ আইন ( RTI) ৰ উত্তৰত PWD বিভাগে জনায় যে, ৰবীন্দ্ৰ ভৱনৰ পুন নিৰ্মাণৰ বাবে DPR প্ৰস্তুতৰ কাম চলি আছে। এক আৰ টি আই যোগে সাংবাদিক অনুপম হাজৰিকাই ৰবীন্দ্ৰ ভৱনৰ পুনঃনিৰ্মাণৰ কাম কেতিয়া সম্পূৰ্ণ হব আৰু ৰাইজৰ বাবে কেতিয়া মুকলি কৰা হ’ব প্ৰশ্ন কৰিছিল।
আৰ টি আই ৰ তথ্য সদৰী কৰি আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলত সাংবাদিক হেমন্ত শৰ্মাই জনায় যে, ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণ কেলেংকাৰী সংঘটিত হোৱাৰ সম্ভাৱনা আছে। ‘যোৱা ১৬ মাৰ্চত তথ্য জনা অধিকাৰ আইনৰ সহায় লৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ সবিশেষ তথ্যৰ লগতে আন দুটামান সৰু তথ্যও বিচৰা হৈছিল৷ কিন্তু বিভাগৰ তৰফৰ পৰা তিনিটা প্ৰশ্নৰ উত্তৰ দি বাকী মেৰামতিৰ সবিশেষ তথ্য লোকনিৰ্মাণ বিভাগলৈ ঠেলি দিলে,’ শৰ্মাই কয় ।

ৰিপোৰ্ট অনুসৰি মেৰামতিৰ হিচাপ তথা সবিশেষ তথ্য দিলে এনেধৰণেৰে– ‘উত্তৰ-পূব ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাংস্কৃতিক প্ৰেক্ষাগৃহ হিচাপে এই গৃহটোতে চৰকাৰী, বেচৰকাৰী আদি বিভিন্ন অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হৈছিল৷ যোৱাবছৰৰ জুনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী চহৰৰ প্ৰায়ভাগ অঞ্চল পানীৰ তলত থাকিবলগীয়া হোৱাৰ দৰে ৰবীন্দ্ৰ ভৱনৰ চাৰিওপিনে পানীৰে আবৃত আছিল৷ যাৰ ফলত প্ৰেক্ষাগৃহৰ ভিতৰত পানী নিগৰি নিগৰি সোমাই কাৰ্যসূচী ৰূপায়ণত বাধাগ্ৰস্ত হৈছিল ৷ অৱশেষত আলোচনা মৰ্মে তাৎক্ষণিত হিচাপে পানী বন্ধ কৰাৰ বাবে প্ৰেক্ষাগৃহটোৰ মজিয়াখন পুনৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷ কিয়নো তাৎক্ষণিক পুনৰ নিৰ্মাণ নকৰিলে প্ৰেক্ষাগৃহত কাৰ্যসূচী ৰূপায়ণ কৰা সম্ভৱ নহৈছিল ৷ সেই মৰ্মে বিভাগীয় ফালৰ পৰা জৰুৰীভাৱে কামটো আৰম্ভ কৰা হৈছিল৷ এই কামতো সম্পূৰ্ণভাৱে নহওঁতেই ৰবীন্দ্ৰ ভৱনটো একেঠাইতে পুনৰ নিৰ্মাণৰ বাবে ডিপিআৰ প্ৰস্তুত কৰিবলৈ কোকৰাঝাৰত হোৱা কেবিনেট মিটিং মৰ্মে মেৰামতিৰ কাম বন্ধ কৰা হয় ৷’

বিভাগটোৰ এনেধৰণৰ উত্তৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংবাদিক হেমন্ত শৰ্মাই ৰাইজৰ টকাৰে মেৰামতিৰ নামত খৰচ কৰা ৮-৯ কোটি টকাৰ হিচাপ দিবলৈ বিভাগটোৱে ভয় কিয় কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰি সাংবাদিকগৰাকীয়ে অতি সোনকালে এইক্ষেত্ৰত এক উচ্চস্তৰীয় তদন্তৰ দাবী জনায় ৷

Leave A Reply