True and Honest

গুৱাহাটীৰ সোনাপুৰত আৰক্ষীক দা ৰে আক্ৰমন চোৰৰ

0 95

চোৰ বিচাৰি আৰক্ষীৰ তদন্ত আৰম্ভ আৰু চুৰি কাৰ্য্যৰ লগত জড়িত থকাৰ সন্দেহত এজনক আটক কৰিবলৈ যাওতে গুৱাহাটীৰ সোণাপুৰৰ ডিগাৰুত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা। চোৰৰ আক্ৰমনত আঘাটপ্ৰাপ্ত হ’ল এগৰাকী আৰক্ষী বিষয়া।
ঘটনা সন্দৰ্ভত আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে ভোগালী বিহুৰ সময়চোৱাত পথৰ ওপৰত থকা এটা ষ্ট্ৰীট লাইট চোৰে চুৰ কৰি লৈ যায়। ইয়াৰ পিছতে এই ঘটনা সন্দৰ্ভত ডিগাৰুৰ গাঁওৰক্ষী বাহিনীৰ লোকে এখন এজাহাৰ সোণাপুৰ থানাত দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত সোণাপুৰ আৰক্ষীৰ এটা দলে ঘটনাৰ তদন্ত কৰি ডিগাৰু জাৰিকুছিৰ বৈকুণ্ঠ দাস নামৰ লোকজনক আটক কৰিবলৈ যায় আৰু তেতিয়াই অভিযুক্ত বৈকুণ্ঠ দাসে দা ৰে প্ৰণৱ বৰ্মন নামৰ ASI জনক পেটত উপৰ্যুপৰি আঘাট কৰে। বৈকুণ্ঠ দাসৰ দাৰ ঘাপত প্ৰণৱ বৰ্মন গুৰুতৰভাৱে আহত হয়। ইতিমধ্যে আহত প্ৰণৱ বৰ্মনৰ পেটত তিনিটাকৈ চিলাই পৰে।

Leave A Reply