True and Honest

নতুন অসমীয়া ছবি (Assamese Film) ভোলা, ব’মভোলাৰ গীত, প্ৰম’, প’ষ্টাৰ মুকলি

0 86

গুৱাহাটী: ৰাজ্যৰ চলচিত্র জগতত আন এখন নতুন অসমীয়া ছবি (Assamese Film)ভোলা, ব’মভোলাৰ গীত, প্ৰম’ আৰু প’ষ্টাৰ মুকলি কৰা হয়। নাৰেংগী, পানীখাইটী প্ৰমুখ্যে গুৱাহাটীৰ কেইটামান উল্লেখনীয় স্থানত দৃশ্যগ্ৰহণ কৰা চিনেমাখনত অভিনেতা বিবেক বৰাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। এটা সহজ-সৰল, ভোলা ল’ৰাৰ চৰিত্ৰত অভিনয় কৰা বিবেক বৰাই চিনেমাখনৰ কাহিনী অতিকৈ আকৰ্ষণীয় বুলি উল্লেখ কৰে। তেওঁ কয় যে, “এই গাঁওৰ সহজ-সৰল ভোলা ল’ৰাটোৱে এদিন আইএফএল (কাল্পনিক নাম)ত ফুটবল খেল খেলিবলৈ সুযোগ পাই আৰু উল্লেখনীয় প্ৰদৰ্শনেৰে দৰ্শকক আপ্লুত কৰে।”
ইপিনে, এই চিনেমাখনৰ প’ষ্টাৰ মুকলি কৰি ৰাজ্যৰ প্ৰবীণ অভিনেতা তথা অনুষ্ঠানটিৰ মুখ্য অতিথি নিপন গোস্বামীয়ে কয় যে, “এনেধৰণৰ নতুন কাহিনীৰ চিনেমাই নৱপ্ৰজন্মৰ লগতে জ্যেষ্ঠ চিনেমাপ্ৰেমীসকলকো চিনেমা চাবলৈ আগ্ৰহী কৰি তোলে।”
উক্ত অনুষ্ঠানটোত চিকিৎসক, সমাজসেৱী ডাঃ হিতেশ বৰুৱা প্ৰমুখ্যে চন্দ্ৰ মুদৈ, দীপক দত্ত, গকুল বসুমতাৰী সহ ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply