Website Design: dastechnologies
নগাঁও: নগাঁও চহৰৰ বহু স্থানেৰে যাতায়ত কৰিলে বন্ধ কৰিবলগীয়া হৈছিল নাক। কাৰণ চহৰখনৰ বিভিন্ন স্থানত আছিল জাৱৰৰ দ’ম। কিন্তু এতিয়াৰ পৰা আৰু নাথাকিব পূৰ্বৰ সেই পৰিবেশ। পূৰ্বৰ দুৰ্গন্ধময় স্থানেৰে যাতায়ত কৰিলে এতিয়াৰ পৰা নাক কোচ খোৱাৰ বিপৰীতে পথচাৰীয়ে উপভোগ কৰিব পাৰিব এক সুন্দৰ পৰিবেশ। চহৰখনৰ বৰবজাৰ, আই টি আই ৰোড আদি স্থানেৰে যাতায়ত কৰিবলৈ এটা সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল পথচাৰী। সেয়েহে, ফুলৰ টাব সংস্থাপনেৰে এক সুন্দৰ পৰিবেশ গঢ়ি তুলিছে নগাঁও পৌৰসভাই (nagaon municipality)। পূৰ্বৰ জাৱৰৰ দ’মৰ ঠাইত এখন সুন্দৰ ফুলনি গঢ়ি পথচাৰীক সুগন্ধি বিলোৱাৰ প্ৰয়াস কৰিছে নগাঁও পৌৰসভাই
ইপিনে, ভাৰতবর্ষৰ স্বচ্ছতা লীগত স্থান লাভ কৰিবলৈও সক্ষম হৈছে নগাঁও পৌৰসভাই। স্বচ্ছতাৰ লীগত ৰাষ্ট্ৰীয় সন্মান লাভ কৰা পৌৰসভাক শুক্ৰবাৰে নতুন দিল্লীত প্ৰদান কৰা হ’ব সন্মান।
উল্লেখযোগ্য যে, নগাঁও সদৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰ পৰাই ৰূপক শৰ্মাৰ শ্ল’গান আছিল -আমাৰ নগাঁও আমাৰ গৌৰৱ।
এই আমাৰ নগাঁও আমাৰ গৌৰৱ শ্ল’গানেৰেই নগাঁও চহৰখনক আটক ধুনীয়া কৰিবলৈ হাতত লৈছিল বহুকেইটা প্ৰকল্প। শেহতীয়াকৈ বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত চহৰখনৰ পূৰ্বৰ জাৱৰৰ দ’ম থকা স্থানত ফুলৰ টাব স্থাপন কৰি নগাঁওবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হৈছে নগাঁও পৌৰসভা।
নগাঁও চহৰখনৰ সৌন্দৰ্য্যবৰ্দ্ধনৰ বাবে বিধায়ক ৰূপক শৰ্মাৰ প্ৰচেষ্টাত নগাঁও পৌৰসভাই গ্ৰহণ কৰা নানা পদক্ষেপৰ এতিয়া শলাগ লৈছে নগাঁৱৰ সচেতন নাগৰিকে ।