Website Design: dastechnologies
ৰাজ্যত সহস্ৰ মহিলাৰ ক্ৰন্দন, এদিনত 2 হাজাৰৰো অধিক লোক গ্ৰেপ্তাৰ
গুৱাহাটী: অসমৰ মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাৰ ঘোষণা। তাৰ পিছত অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ আৰু এতিয়া ৰাজ্যখনত হাজাৰ হাজাৰ মহিলাই কান্দি আছে। মহিলাসকলে মুখ্যমন্ত্ৰীক তেওঁলোকৰ স্বামীক কাৰাগাৰত নাৰাখিবলৈ আহ্বান জনাইছে।
অসম আৰক্ষীয়ে ৩ ফ্ৰেব্ৰুৱাৰীত জনায় যে, ২০৪৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে যাৰ ভিতৰত আছে ৫২ জন কাজী আৰু পূজাৰী (পুৰোহিত)। লগতে কয়, বাল্য বিবাহ আইন উলংঘা কৰা সকলৰ বিৰুদ্ধে ৪০৭৪ টা গোচৰ ৰুজু কৰা হৈছে।
মুখ্যমন্ত্ৰী শৰ্মাই ২ ফেব্ৰুৱাৰীত কৈছিল যে এতিয়ালৈকে ৪০০০ ৰো অধিক গোচৰ ৰুজু কৰা হৈছে।
অসম আৰক্ষীয়ে শুকুৰবাৰে জনাইছে যে গুৱাহাটীত (অসমৰ ৰাজধানী চহৰ) ৫৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ১৯২ টা গোচৰ ৰুজু কৰা হৈছে। বিশ্বনাথত প্ৰায় ১৩৭ জন, ধুবুৰীত ১২৬ জন, বাক্সাত ১২০ জন, বৰপেটাত ১১৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে ২০২৩ চনৰ ৩ ফেব্ৰুৱাৰীলৈকে ডিব্ৰুগড় আৰু যোৰহাটত ক্ৰমে ৬ আৰু ৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে এক বৃহৎ অভিযান আৰম্ভ কৰিব।
পৰিয়ালৰ সদস্যজনক গ্ৰেপ্তাৰ কৰাৰ পিছত বহুতো মহিলা আৰক্ষী থানাৰ সন্মুখলৈ ওলাই আহে আৰু তেওঁলোকৰ স্বামী বা পৰিয়ালৰ সদস্যক কাৰাগাৰত নাৰাখিবলৈ আবেদন কৰে। কেমেৰাৰ সন্মুখত কান্দি থকা গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলৰ পত্নী আৰু মাতৃৰ বহুতো ভাইৰেল ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে । কিছুমান মহিলাই কয় যে তেওঁলোকে নিজৰ পচন্দৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ কিছুমানে সংবাদ মাধ্যমক কৈছিল যে গ্ৰেপ্তাৰ কৰা ব্যক্তিজন পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ উৎস। শুক্ৰবাৰে, ৰাজ্যখনৰ আৰক্ষী থানাৰ ভিতৰত আৰু বাহিৰত মানুহৰ যঠেষ্ট সমাগম দেখা গৈছিল।
এতিয়া মানুহ ভয় খাইছে কিয়নো বাল্য বিবাহ নিষিদ্ধকৰণ আইন, 2006 অনুসৰি বাল্য বিবাহৰ শাস্তি স্বৰূপে কঠোৰ কাৰাদণ্ড হ’ব পাৰে।