True and Honest

দেৰগাঁৱৰ প্ৰশান্ত বৰঠাকুৰৰ গৃহত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য

0 174

দেৰগাঁও: এটি ভগ্ন জুপুৰিত জীৱন নিৰ্বাহ কৰা উচ্চ শিক্ষিত প্ৰশান্ত বৰঠাকুৰৰ গৃহত উপস্থিত হ’ল বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য সহ প্ৰাক্তন কটনীয়ান।
কিছুদিন পূৰ্বে দেৰগাঁৱৰ বৰুৱা বামুণ গাঁৱৰ প্ৰশান্ত বৰঠাকুৰ নামৰ এজন ব্যক্তিৰ জীৱন কাহিনী সামাজিক মাধ্যমত কম সময়তে বিয়পি পৰিছিল। বিভিন্ন সংবাদ মাধ্যমত ব্যক্তি গৰাকীয়ে এটি ভগ্ন জুপুৰিত দুৰ্বিসহ জীৱন নিৰ্বাহ কৰাৰ বাতৰি সবিস্তাৰে প্ৰকাশ পাইছিল।
সংবাদ মাধ্যমত ব্যক্তি গৰাকীয়ে কটন কলেজৰ পঢ়ি থকা সময়ৰ কথা সুঁৱৰি সেই সময়ৰ সতীৰ্থ বৰ্তমান বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যকে ধৰি বহু কেইজন ব্যক্তিৰ নাম উল্লেখ কৰিছিল। সংবাদ মাধ্যমৰ যোগেৰে সেই বাতৰি পোৱাৰ পিছত আজি প্ৰশান্ত বৰঠাকুৰৰ কাষত ঠিয় দিয়েহি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে এটি সজাতি দল । দীৰ্ঘদিনৰ মূৰত বন্ধুক কাষতে পাই এক আবেগিক পৰিবেশৰ সৃষ্টি হয় । বিধায়ক ভট্ৰাচাৰ্যই সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Leave A Reply