True and Honest

ঘটনা যোৰহাটৰ, পত্নীয়ে পুত্ৰ সন্তান জন্ম দিয়াৰ বাবে বিল্ডিঙৰ পৰা জপিয়ালে এজনে

0 90

বুধবাৰে নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত সৃষ্টি হয় উত্তেজনা। প্ৰসূতি বিভাগৰ চৌহদত থকা কেণ্টিনৰ ওপৰ মহলাৰ পৰা জাপ প্ৰসূতিৰ পতিৰ। জিতুমণি দাস নামৰ ব্যক্তি জনে সৃষ্টি কৰে এনে অনাকাংক্ষিত পৰিস্থিতিৰ। জিতুমণিৰ ঘৰ গোলাঘাট জিলাৰ বোকাখাটৰ ৰজাবাৰীত। পত্নীয়ে কন্যা সন্তান জন্ম নিদিয়াৰ বাবেই আত্মহত্যাৰ সিদ্ধান্ত বুলি শংকা জিতুমণি দাসৰ মাতৃৰ।
কাৰণ জিতুমনিয়ে ভাবিছিল পত্নীয়ে কন্যা সন্তান জন্ম দিব বুলি, কিন্তু কন্যা সন্তানৰ পৰিৱৰ্তে পত্নীয়ে জন্ম দিছিল পুত্ৰ সন্তান। ফলত হতাশাত ভুগি জিতুমনিয়ে ওপৰৰ মহলাৰ পৰাৰ জাপ দিছিল। ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় জিতুমনি।। এই ঘটনায়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আলোড়ন সৃষ্টি কৰিছে।

Leave A Reply