True and Honest

জনসংখ্যা নিয়ন্ত্ৰণ আইন ৰ পোষকতাৰে JSF ৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ

0 148

গুৱাহাটী: বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, (JSF) অসমৰ তৰফৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জড়িয়তে মঙলবাৰে প্ৰদান কৰা হয় এই স্মাৰক পত্ৰ।
ইফালে, দেশৰ সকলো প্ৰান্তৰ JSF কৰ্মীসকলে নিজ নিজ ক্ষেত্ৰত জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমৰ্থনত সংগ্ৰহ কৰা স্বাক্ষৰ পত্ৰসমূহ লৈ 22 চেপ্তেম্বৰ, 2023 ত দিল্লি-গাজিয়াবাদ সীমাত অৱস্থিত JSF কেম্পত একত্ৰিত হ’ব বুলি দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেলত সংগঠনটোৰ বিষয়ববীয়াসকলে উল্লেখ কৰে । তাৰ পৰা 23 চেপ্তেম্বৰ তাৰিখে ৰাতিপুৱা ৮ বজাত প্ৰধানমন্ত্ৰী কাৰ্য্যালয়লৈকে যাবলৈ এটা সমদল সাজু কৰা হ’ব বুলি প্ৰকাশ কৰে সংগঠনটোৱে । কাৰ্য্যকৰ্তা সকলে জনায় যে JSF য়ে জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰি যোৱা ৯ বছৰৰো অধিক সংগঠনটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি 23 খন ৰাজ্যৰ 400 ৰ অধিক জিলাত অভিযান চলাই আছে ।

‘Shave Head’ Protest Held At Manas National Park


কামৰূপ মহানগৰ জিলাধিকাৰীৰ যোগেৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ অৰ্পণ কৰা এই কাৰ্যসূচীত JSF, অসমৰ অধ্যক্ষ পঙ্কজ তালুকদাৰৰ লগত যুৱ আৰু মহিলা শক্তি গোটৰ অধ্যক্ষ/ অধ্যক্ষা, তিনিওটা গোটৰ সংগঠণ সচিৱ তথা উপাধ্যক্ষ, মহাসচিৱ সহিত কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে ।

Guwahati Airport Prepares For Monsoon With Preventive Measures

Leave A Reply