True and Honest

বিণিময় প্ৰথা অক্ষুন্ন ৰাখি আয়োজন কৰা হৈছে জোনবিল মেলাৰ

0 89

পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ মহামিলনৰ ঐতিহাসিক জোনবিল মেলা। য’ত আজিও জীয়াই ৰখা হৈছে বিণিময় প্ৰথা। এই প্ৰথা অনুসৰি পাহাৰ আৰু ভৈয়ামৰ লোকসকলে উভয়ে সামগ্ৰীৰ সাল-সলনি বা বিনিময় কৰে ৷ পৰম্পৰাগতভাৱে চলি অহা এই প্ৰথাই আজিকোপতি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আহিছে ৷ প্ৰতিবছৰে জানুৱাৰী মাহত অনুষ্ঠিত হোৱা এই মেলা এইবাৰ ১৯ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ মৰিগাঁৱৰ জোন বিলৰ পাৰত হৈ আছে। বিনিময় প্ৰথা প্ৰচলিত জোনবিল মেলাই হৈছে অসমৰ বৰ্তমান সময়ৰ একমাত্ৰ বজাৰ। Unesco ৰ দ্বাৰা তথ্যচিত্ৰ নিৰ্মাণ কৰা হব, যিখন গোটেই বিশ্বতে প্ৰদৰ্শিত হব।
বৰ্তমান তিৱাসকলৰ ৰজা হৈছে দীপচিং দেওৰজা ৷ বিনিময় প্ৰথা অনুসৰি ভৈয়ামৰ লোকসকলে নিজে প্ৰস্তুত কৰা চিৰা-পিঠা, শুকান মাছ আদিৰ বিনিময়ত পাহাৰৰ লোকসকলৰ পৰা আদা, হালধি, কচু, পাহাৰীয়া আলু আদি সংগ্ৰহ কৰে।

জোনবিল মেলা


বিভিন্ন জনগোষ্ঠীয় খাদ্য সম্ভাৰ, সাজ-পাৰৰ উপৰিও কাঠ-বাঁহৰ আচবাব, আৰু অন্যান্য বিভিন্ন সামগ্ৰীৰ বিপণিয়ে জোনবিল মেলাত ভিৰ কৰে ৷ খাদ্য ৰসিকসকলৰ বাবে এইবাৰো জোনবিলৰ পাৰত উপলব্ধ হৈছে বিভিন্ন পৰম্পৰাগত আৰু জনগোষ্ঠীয় খাদ্য আৰু থলুৱা পানীয় ৷ তিৱা, মিচিং, দেউৰী, সোণোৱাল, বড়ো, নেপালী, ৰাভাকে ধৰি বিভিন্ন জনগোষ্ঠীৰ খাদ্যসম্ভাৰৰ বিপনী উপলব্ধ হৈছে জোনবিল মেলাত।
পাহাৰৰ লোক সকলে ভৈয়ামৰ লোক সকলক ‘মামা-মামী’ সম্বোধন কৰি প্ৰয়োজনীয় সামগ্ৰীৰ বিনিময় কৰি লয়।
এই মেলাত খাচিয়া, জয়ন্তীয়া, গাৰো, কাৰ্বি পাহাৰৰ লোকসকলেও অংশগ্ৰহণ কৰে। সকলোৱে নিজ নিজ দ্ৰব্য হোৰাত ভৰাই লয় আৰু মেলাত থাকিবৰ বাবে বিভিন্ন সা-সঁজুলি লৈ আহে। বিনিময় প্ৰথা আৰম্ভ হোৱাৰ সমান্তৰালভাৱে সেই ঠাইৰ ওচৰতে কুকুৰা যুঁজ আৰম্ভ কৰা হয়।
দ্বিতীয় দিনাৰ মেলাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিৱা ৰজাক ৰাজকীয় ভাট্টা প্ৰদান কৰে। সভাত তেও তিৱা লোকক নিজৰ, ভাষা সংস্কৃতি, খাদ্য, ধৰ্ম, লোকনৃত্যক এৰি নিদিবলৈ আহ্বান জনায়। মানুহে যদি হুইস্কি, ৰাম কিনি খাব পাৰে, তিৱাসকলেও সাজটো দেখা তেখিকৈ খাব পাৰে, ইয়াত কি বাধা থাকিব পাৰে। আজি মই অনুমতি দিলো যে, যত যিমান মেলা হয়, যত বিহু হয়, যিমান জনজাতীয় উৎৱ হয় তাত সাজ ৰহি এইবিলাক সদায় ৰাখিব লাগে। পুৰনা বস্তু একো এৰিব নালাগে, মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

Leave A Reply