Website Design: dastechnologies
শিৱসাগৰৰ ডিমৌত চোৰে কেটেপাৰে গৃহস্থৰ ফুটালে চকু
শিৱসাগৰ জিলাৰ ডিমৌ সমীপৰ ধোন্দৰমুখ কোচ গাঁৱৰ সৰ্বেশ্বৰ দত্ত নামৰ ৭০ উৰ্ধৰ ব্যক্তিগৰাকীক ৬/৭ এটা চোৰৰ দলে উৰুকাৰ নিশা চিৰজীৱনলৈ ঘূণীয়া কৰিলে ।
উৰুকাৰ নিশা ৪ টাকৈ হাঁহ চুৰ কৰি নি চোৰে উদৰ পুৰাই এসাঁজ খোৱাৰ বিপৰীতে চোৰে ঘূণীয়া কৰি থৈ গ’ল সৰ্বেশ্বৰ দত্তৰ বাওঁ চকু।
মাঘ বিহুৰ উৰুকাৰ নিশা বিহুৰ পৰম্পৰাৰ নামত গৃহস্থৰ গড়ালৰ পৰা ৪/৫ টা হাঁহ চুৰ কৰাৰ উপৰি বাৰীৰ কুঁহিয়াৰ, কবি খেতি নষ্ট কৰাৰ লগতে কেটেপাৰে গৃহস্থৰ চকুত আঘাট কৰে চোৰৰ দলটোৱে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ন্যায় বিচাৰি ডিমৌ আৰক্ষী থানাত এজাহাৰ প্ৰদান কৰিছে।
ইফালে চকুত আঘাতপ্ৰাপ্ত ৭০ উৰ্ধৰ সৰ্বেশ্বৰ দত্ত নামৰ ব্যক্তি গৰাকী বাওঁ চকুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছতো দৃষ্টি শক্তি ঘূৰি অহা নাই বুলি তেওঁ জানিবলৈ দিয়ে। বৰ্তমান ডিমৌ আৰক্ষীক তদন্ত কৰি বিহুৰ নামত উদ্ভণ্ডালি কৰা দলটোক আটক কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ আহ্বান জনাইছে সকলোৱে।