True and Honest

ভাৰত সংস্কৃতি উৎসৱত গুৱাহাটীৰ ছাত্ৰী জিনি কাশ্যপৰ উৎকৃষ্ট প্ৰদৰ্শন

0 63

গুৱাহাটী , ২৩ জানুৱাৰী : গুৱাহাটীৰ মালিগাঁওস্থিত চেণ্ট মেৰিজ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী, পশ্চিম গুৱাহাটীৰ ধাৰাপুৰ গাঁও পঞ্চায়ত এলেকাৰ খানামুখ কেহেৰুবাৰীৰ বাসিন্দা জিনি কাশ্যপে কলকাতাৰ আই.চি.চি আঁৰৰ সত্যজিৎ ৰয় প্ৰেক্ষাগৃহত অলপতে অনুষ্ঠিত হৈ যোৱা ভাৰত সংস্কৃতি উৎসৱ ২০২২ত জুনিয়ৰ শাখাত লোকনৃত্যত প্ৰথম, আধুনিক আৰু সত্ৰীয়া নৃত্যত দ্বিতীয়, ছেমি ক্লাছিকেলত অধ্যক্ষৰ বঁটা লাভৰে উৎকৃষ্ট প্ৰদৰ্শন কৰা বাবে তেওঁক এবছৰৰ বাবে জলপানী তথা বৃত্তি লাভ কৰাৰ বাবে নিৰ্বাচিত কৰা হৈছে। খানামুখ কেহেৰুবাৰীৰ ধীৰাজ কলিতা আৰু কাকলি বৰুৱাৰ কন্যা জিনি কাশ্যপে এই উৎকৃষ্ট প্ৰদৰ্শন কৰা বাবে পহিলা এপ্ৰিলৰ পৰা অহা ২০২৪ বৰ্ষৰ মাৰ্চ মাহলৈ প্ৰতি মাহে এক হাজাৰ টকাকৈ জলপানী লাভ কৰিব।

উল্লেখ্য যে, জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত থকা সংগ্ৰাম সংগীত বিদ্যালয়ত গুৰু সবিতা শইকীয়াৰ তত্বাৱধানত সত্ৰীয়া নৃত্য আৰু ৰাকেশ বড়োৰ তত্বাৱধানত লোকনৃত্য আৰু আধুনিক নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা মেধাবী ছাত্ৰী জিনি কাশ্যপে ইয়াৰ পূৰ্বে অধ্যয়নৰত বিদ্যালয়কে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত সত্ৰীয়া নৃত্য, লোকনৃত্য আৰু আধুনিক নৃত্য প্ৰদৰ্শন কৰি দৰ্শক-সাংস্কৃতিকীপ্ৰেমী ৰাইজৰ ভূয়সী প্রশংসা লাভ কৰি আহিছে।

Leave A Reply