True and Honest

গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভা অনুষ্ঠিত

0 102

গুৱাহাটী: গুৱাহাটী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভা থূলৰ অভাৱত স্থগিত ৰাখিবলগীয়া হয়। প্ৰায় ২০০ জন সদস্য উপস্থিত থকা অনুষ্ঠানত আনুষ্ঠানিক সভাৰ নহ’লেও বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। বিশেষকৈ ক্লাবৰ সংবিধান সংশোধনী, সদস্যসকলৰ স্বাস্থ্য বীমাৰ ওপৰত উপস্থিত বহুকেইগৰাকী সদস্যই নিজৰ নিজৰ বক্তব্য ৰাখে।

অসমীয়া কোৱাৰ বাবেই গুৱাহাটীত অনা অসমীয়াৰ আক্ৰমণ

ভালেসংখ্যক জ্যেষ্ঠ সদস্যই গুৱাহাটী প্ৰেছ ক্লাবৰ কৰণীয় সন্দৰ্ভত বহুমূলীয়া পৰামৰ্শ আগবঢ়ায়। সংবিধান অনুসৰি অনতিপলমে পুনৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হ’ব। এই সভাত ভৱিষ্যতে ক্লাবৰ ৰূপায়িত হ’ব লগা আঁচনিসমূহ উত্থাপন কৰি সংবিধানৰ বিধান অনুযায়ী প্ৰস্তাৱ গ্ৰহণ কৰি কামত আগবাঢ়ি যোৱাৰ বাবে কৰ্মসূচী প্ৰস্তুত কৰা হ’ব।

Leave A Reply