Website Design: dastechnologies
যুৱকক নিৰ্যাতন চলাই হাইলাকান্দিত গ্ৰেপ্তাৰ চাৰি
হাইলাকান্দি: হাইলাকান্দিত মৰেল পুলিচিং কাণ্ডৰ চাৰি অভিযুক্ত গ্ৰেপ্তাৰ ।
গ্ৰেপ্তাৰ মূখ্য অভিযুক্ত নিজামুদ্দিন বৰভূঞা সহ পৰিয়ালৰ আন তিনি সদস্য ।
উল্লেখ্য, হাইলাকান্দি জিলাৰ কৃষ্ণপুৰত এজন যুৱকক চুৰি কৰাৰ অভিযোগত অকথ্য নিৰ্যাতন চলাইছিল এটা পৰিয়ালৰ লোকে । কালি অৰ্থাৎ ৭ ফেব্ৰুৱাৰীত ভাইৰেল হৈছিল ভিডিঅ’।
উল্লেখ্য যে, মঙলবাৰে ভাইৰেল হোৱা ভিডিঅ’ অনুসৰি হাইলাকান্দিত এটা পৰিয়ালৰ আক্ৰমণত আহত হৈছিল এজন যুৱক।
চোৰ সন্দেহত যুবকক নৃশংস প্ৰহাৰ কৰিছিল পৰিয়ালটোৱে ।
জানিব পৰামতে, হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ কৃষ্ণপুৰ বজাৰৰ এঘৰ মানুহৰ ঘৰত চুৰি কৰিবলৈ সোমাইছিল এজন যুৱক । কিন্তু ঘৰৰ গৰাকীয়ে হাতেলোটে ধৰি পেলায় যুৱক জনক । ইয়াৰ পিছতে আৰক্ষীক গতাই দিয়াৰ পৰিৱৰ্তে নিজামুদ্দিন বৰভূঞাই আইন নিজৰ হাততলৈ যুৱক জনৰ উপৰত চলালে অকথ্য নিৰ্যাতন । যুৱক জনক গছত বান্ধি, চুলি কাটি চলালে নিৰ্যাতন । অকল ইমানে ন’হয় । লগতে গোটেই ঘটনাৰ ভিডিও ৰেকৰ্ডিং কৰি ফেচবুকত ভাইৰেল কৰিলে । আনহাতে এই ভিডিঅ’ টোক কেন্দ্ৰ কৰি হাইলাকান্দিত সৃষ্টি হৈছে চাঞ্চল্যৰ ।