Website Design: dastechnologies
গুৱাহাটী : জালুকবাৰী , বৰাগাঁও, খানাপাৰা আৰু নাৰেংগীত অভিযান চলাই চালান অবিহনে অবৈধভাবে শিল আৰু বালি সৰবৰাহ কৰা পাঁচখন ডাম্পাৰ জব্দ কৰে বন বিভাগে। শুকুৰবাৰে নিশা চলিছিল এই অভিযান ।
উল্লেখ্য যে, মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বন বিভাগক চৰকাৰক ৰাজহ ফাকি দি অবৈধভাৱে কোনো ধৰণৰ বনজ সম্পদ যাতে সৰবৰাহ হব নোৱাৰে তাৰ ওপৰত চকু ৰাখিবলৈ কিছুদিন পূৰ্বে নিৰ্দেশ দিছিল। সেই নিৰ্দেশৰ পাছতেই বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী শইকীয়াই সংমণ্ডলৰ অধীনৰ পাঁচোটা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন বিষয়া সকলক নিজ নিজ এলেকাত অবৈধ বনজ সম্পদৰ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ দিছিল । সেই নিৰ্দেশ অনুসৰি গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে জালুকবাৰী , বৰাগাঁও, খানাপাৰা আৰু নাৰেংগীত অভিযান চলাই চালান অবিহনে অবৈধভাবে শিল আৰু বালি সৰবৰাহ কৰা পাঁচখন ডাম্পাৰ জব্দ কৰে। পাছত জব্দ কৰা ডাম্পাৰ কেইখন বশিষ্ঠস্থিত পূব কামৰূপ বন সংমণ্ডল বিষয়াৰ কাৰ্যালয় চৌহদলৈ লৈ যোৱা হয়। আনহাতে এই সন্দৰ্ভত বন আইনৰ অধীনত গোচৰ ৰজু কৰা হৈছে।