True and Honest

হাজো আৰক্ষী থানাত মুৰ্গী হত্যাকাৰীৰ বিৰুদ্ধে এজাহাৰ

0 70

এখন এজাহাৰ আৰু ৫টা লোকেল মুৰ্গীৰ মৃতদেহ লৈ হাজো আৰক্ষী থানাত উপস্থিত হ’ল এগৰাকী মহিলা । ৩ হত্যাকাৰী ছৰিফুল, হাছিনা, আৰু ইক্রাম নামৰ তিনিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল তছলিমা বেগম নামৰ মহিলাগৰাকীৰ। হত্যাকাণ্ডৰ স্থান হাজোৰ দক্ষিণ বৰ্ণি । ঘটনা অনুসৰি, তছলিমা বেগমৰ পোহনীয়া হাঁহ আৰু মুৰ্গী কেইটাই ছৰিফুল ইছলামৰ খেতিত গৈ খেতি নষ্ট কৰাৰ বাবে দুই ঘৰৰ মাজত প্ৰায়ে হৈ থাকে হায় কাজিয়া । কেতিয়াবা আকৌ লাগে খেদা খেদিও। তেনে সময়তে দেওবাৰে, তছলিমা বেগমে নিজৰ ৫টা মুৰ্গীক লৈ আহিল থানালৈ । চৰিফুল, হাছিনা আৰু আক্ৰামে খেতিত বিহ দি নিধন কৰাৰ অভিযোগ তুলি থানালৈ লৈ আহিল মৃতদেহ । আৰু মুৰ্গী হত্যাকাৰীৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত দাখিল কৰিলে এইখন এজাহাৰ। তছলিমা নাচোৰ বান্দা, যিকোনো প্ৰকাৰে ন্যায় লাগিবই। এই ঘটনাক লৈ এতিয়া হাজোত সৰৱ চৰ্চা । আৰক্ষীও আগবঢ়াইছে তদন্ত । পিছে মুৰ্গী হত্যাৰ ঘটনাৰ ন্যায় লাভ কৰিব নে গৰাকীয়ে । অপেক্ষা ।

Leave A Reply