True and Honest

ৰাণীত হাতীৰ আক্ৰমণত ঘৰ বিধ্বস্ত

0 143

ৰক্ষা পৰিল মাতৃসহ দুটি শিশুৰ জীৱন

ৰাণী : পশ্চিম গুৱাহাটীৰ অসম – মেঘালয় সীমান্তৰ ৰাণী (Rani) অঞ্চলত খেতি পথাৰ সমূহত বিগত প্ৰায় ডেৰ মাহ ধৰি অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ । সন্ধিয়া আন্ধাৰ নামি অহাৰ পাছতেই মেঘালয় সীমান্তৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহে জাক জাক বনৰীয়া হাতী । ফলত কৃষি প্ৰধান ৰাণী অঞ্চলৰ কৃষক ৰাইজে শালি ধানৰ খেতিৰ কঠিয়া সিচিবলৈ গৈ হাতীৰ মুক্ত বিচৰণত চকুৰে সৰিয়হ ফুল দেখিব লগা হৈছে । বিগত কেইদিনত হাতীৰ গছকত বহু কৃষকৰ কেবাশ বিঘা মাটিৰ কঠিয়া নষ্ট হৈ গৈছে ।

Journalists Protest In Front Of The East Guwahati Press Club, Demand Suspension Of Police Officer

আনহাতে শনিবাৰে মাজনিশা মেঘালয় সীমান্তৰ নালাপাৰা গাঁৱত হাতীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে দুটিকৈ শিশু । প্ৰাপ্ত খবৰ মতে পথাৰত বিচৰণ কৰি থকা হাতীৰ জাকৰ পৰা ফালৰি কাটি দুটা হাতী বেৰ ভাঙি নালাপাৰাৰ অতুল নাথ নামৰ লোকজনৰ চোতালত মাজনিশা প্ৰায় চাৰে বাৰ মান বজাত সোমাই আহে । হাতী দুটাই অতুল নাথৰ চোতালত থকা দুটা ঘৰৰ ভিতৰত মাটিৰ বেৰ থকা ঘৰটোত খাদ্যৰ সন্ধানত মুৰেৰ হেচি দিয়াত বেৰখন ভাঙি ঘৰৰ ভিতৰত থকা এখন বিচনাত পৰি যায় । বিচনাখনত অতুল নাথৰ পত্নীৰ লগতে এটা দুবছৰীয়া আৰু এটি ছয়বছৰীয়া দেৱশিশু শুই আছিল । লগে লগে অতুল নাথে টৰ্চৰ পোহৰত দুটা হাতী প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত হাতী দুটাই আন একো অনিষ্ট সাধন নকৰি পথাৰৰ দিশলৈ গুচি যায় । ইফালে নিশাই কিছু নিলগত থকা বন বিভাগৰ নালাপাৰা খণ্ড বন বিষয়াৰ কাৰ্যালয়ক অৱগত কৰা হয় যদিও পৰ্যাপ্ত বনকৰ্মী নথকা আৰু থকা কেইজনো আনফালে হাতী আৰু অৰণ্য সুৰক্ষাৰ বাবে তহল দিবলৈ যোৱাৰ অজুহাতত বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত নহ’ল বুলি অভিযোগ উত্থাপিত হৈছে । জানিব পৰা মতে গছ গছনি আৰু বহু আপুৰুগীয়া বন্য জন্তুৰ বিচৰণভূমি ৰাণী বনাঞ্চলত প্ৰয়োজনতকৈ বনকৰ্মীৰ সংখ্যা বহু কম আছে । যাৰ বাবে ৰাণী অঞ্চলৰ সচেতন লোকসকলে বন বিভাগৰ ঊৰ্ধতম কৰ্তৃপক্ষক ৰানী বনাঞ্চলত থকা খণ্ড বন বিষয়াৰ কাৰ্যালয় আৰু বন শিবিৰ সমূহত পৰ্যাপ্ত সংখ্যক বনকৰ্মী নিয়োগ কৰিবলৈ দাবী জনাইছে ।

একাংশ পতিয়ে পত্নীক পঢ়ুৱাই উচ্চ শিক্ষিত কৰিব বিচৰা নাই

Leave A Reply