True and Honest

গুৱাহাটীৰ বৃন্দাবন গাৰ্ডেনত দুদিনীয়াকৈ অনুষ্ঠিত ইডুফেয়াৰ Eduvento

0 77

গুৱাহাটী, ১৫ মে: গুৱাহাটীৰ জু ৰোডস্থিত বৃন্দাবন গাৰ্ডেনত ১৫ আৰু ১৬ মে ত দুদিনীয়াকৈ অনুষ্ঠিত হৈ আছে Eduvento। Premier Edu ৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা এই ইভেন্টত অংশ গ্ৰহণ কৰে ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৪৫ খনৰো অধিক শৈক্ষিক প্ৰতিষ্ঠানে। ৰাজ্যৰ স্নাতক আৰু স্নাতোকোত্তৰ শিক্ষাৰ্থীৰ সুবিধাৰ্থে অনুষ্ঠিত কৰা হৈছে এই ইভেন্ট। অসমৰ লগতে দেশৰ আন প্ৰান্তত বিভিন্ন কোৰ্ছ যেনে মেডিকেল, ইঞ্জিনিয়াৰিঙ, পেৰামেডিকেল, বি টেক, এম বি এ ইউ জি, পি জি ইত্যাদি বিভিন্ন কোৰ্ছৰ সবিশেষ এই ইভেন্টত লাভ কৰিব। Eduvento ত দিল্লী, কলকাতা, গুজৰাট, বেংগালুৰু আদি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিষ্ঠানে অংশগ্ৰহন কৰে। গুৱাহাটীত ইভেন্টৰ প্ৰথম দিনা প্ৰায় ৫০০ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰি মন পচন্দৰ প্ৰতিষ্ঠান আৰু কোৰ্ছৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰা দেখা যায়। ১৬ মেৰ দ্বিতীয় দিনাও ছাত্ৰ ছাত্ৰী তথা অভিভাৱকক অংশগ্ৰহন কৰিবলৈ আয়োজকে সংবাদ মাধ্যমৰ জড়িয়তে আমন্ত্ৰন জনায়। উল্লেখ্য যে, চলিত বৰ্ষত শিলচৰ, ডিব্ৰুগড়, শ্বিলং, ইটানগৰতো পৰৱৰ্তী পৰ্যায়ত এই ইভেন্ট অনুষ্ঠিত কৰিব বুলি আয়োজকে জানিবলৈ দিয়ে। লগতে জানিবলৈ দিয়ে যে, বিগত বৰ্ষতো এই ইভেন্টৰ জড়িয়তে বহুতো শিক্ষাৰ্থীয়ে মন পচন্দৰ শিক্ষানুষ্ঠান নিৰ্বাচন কৰি বৰ্তমানেও শিক্ষাগ্ৰহণ কৰি আছে। এই শৈক্ষিক অনুষ্ঠানত ইষ্ট পইণ্ট গ্ৰুপ অৱ ইনষ্টিটিউট, আৰ আৰ ইনষ্টিটিউট, আই টি এছ দেণ্টেল কলেজ, পাৰুল ইউনিভাৰ্ছিটি, এডমাছ ইউনিভাৰ্ছিটি, চাণক্য ইউনিভাৰ্ছিটি, এলপাইন গ্ৰুপ অৱ ইনষ্টিটিউট, আই এছ এছ এছ পুণে, আৰ আই আই এম অৰিহাণ্ট গ্ৰুপ অৱ ইনষ্টিটিউছনছ, আজিংক্য বি ৱাই পাটিল, আই চি ইডুভাৰছিটি আদি দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানে যোগদান কৰিছে।

Leave A Reply