True and Honest

এই কথা মানুহক নকব, অলপ হলেও শান্তি বৃদ্ধি হ’ব

0 195

কিছুমান কথা কাৰোৰে আগত কোৱাটো উচিত নহয়। এনেধৰণৰ কথা ক’তো লিখিত ভাবে উল্লেখ নাই যদিও মৌখিকভাবে প্ৰচলিত হৈ আহিছে।

পাৰিবাৰিক সংঘাত: সাধাৰণতে সকলো পৰিয়ালতে পাৰিবাৰিক কাজিয়া বা সংঘাত হোৱা দেখা যায়। পৰা পক্ষত এই সংঘাত নিজৰ পৰিয়ালৰ মাজতে ৰখাতো ভাল। নহ’লে ইয়াৰ সুবিধা আনে ল’ব পাৰে। লগতে, ইয়াৰ পৰা পৰিয়ালৰ সন্মান লাঘৱ হোৱাৰ সম্ভাৱনা থাকে। এনেধৰণৰ সংঘাত নিজৰ মাজতে মিমাংসা কৰিব লাগে।

হ’বলগীয়া কাম: ভবিষ্যতে হ’বলগীয়া কাম সম্পৰ্কে মানুহক কৈ নুফুৰাই ভাল। কামটো হৈ নুঠিলে মানসিক অস্থিৰতাত ভোগাৰ সম্ভাৱনা থাকে। বহু সময়ত চাকৰি বা আন কোনো ভাল খবৰ সম্পৰ্কে আগতীয়াকৈ মানুহক কৈ দিয়া যায় আৰু অন্তিম মূহুৰ্তত কিবা কাৰণত সেইটো কেতিয়াবা হৈ নুঠিব পাৰে। তেতিয়া নিজেও মানসিক ভাবে দূৰ্বল হোৱাৰ সম্ভাৱনা বৃদ্ধি হ’ব পাৰে।

দান: প্ৰবাদ আছে যে, এখন হাতেৰে দান কৰিলে আনখন হাতকে গম পাব দিব নালাগে। দান পুন্যৰ কাম বুলি গণ্য কৰা হয়। নিৰলে দান কৰিলে মানসিক তৃপ্তি লাভ কৰিব পাৰি বুলি কোৱা হয়।

একাংশ পতিয়ে পত্নীক পঢ়ুৱাই উচ্চ শিক্ষিত কৰিব বিচৰা নাই

লাভ – লোকচান: ব্যৱসায়িক হওক বা আন ক্ষেত্ৰত হোৱা লাভ বা লোকচান সেই সম্পৰকেও মানুহৰ আগত কৈ নুফুৰাই ভাল। কাৰণ ইয়াৰ জড়িয়তে মানুহে আপোনাক জুখি চাবলৈ সুবিধা লাভ কৰিব পাৰে। সুবিধাবাদী মানুহে বিপদৰ সময়ত দূৰত্ব বজাই ৰাখিব আৰু ভাল দিনত ওচৰ চাপিব। অৱশ্যে ৰাজহুৱা স্বাৰ্থজনিত বিষয়বোৰ ইয়াৰ আওতাত নপৰিব।

Four Assam Players Selected To Represent East Zone In Deodhar Trophy

Leave A Reply