Website Design: dastechnologies
‘সবকে সাথ, সবকে বিকাশ , সবকে বিশ্বাসৰ নিৰ্বাচনী ছলনা দেখুৱাই দেশত শাসন চলাই থকা বিজেপি চৰকাৰৰ দিনত অসমৰ নিচিনা এখন অতিকৈ দৰিদ্ৰ ৰাজ্যৰ জনতাই গৰম কাপোৰ আৰু যথাযথ বাসস্থানৰ অভাৱত মৃত্যুক আকোৱালি ল’ব লগা হোৱাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰীজনাই অসম বিকাশৰ দৌৰত সকলোতকৈ আগত বুলি দম্ভালি মাৰি আছে, ‘ এই মত প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ তথা ভাৰত জোড়ো যাত্ৰাৰ অসম প্ৰদেশৰ সমন্বয়ক ৰমেন চন্দ্ৰ বৰঠাকুৰে। দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদ মেলত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি বৰঠাকুৰে কয় যে, ‘আজি কেইদিনমান আগতে ৫ জানুৱাৰী ২০২৩ তাৰিখে লামডিং ৰেলৱে ষ্টেচনত দুগৰাকী লোকে শীতৰ প্ৰকোপ সহ্য কৰিব নোৱাৰি অকাল মৃত্যুক হাত সাৱটি লগা হৈছিল । লামডিং ষ্টেচনত পৰি ৰোৱা সেই পুৰষ-মহিলাৰ নিথৰ দেহ দুটাই আকৌ এবাৰ প্ৰমাণ কৰিছে যে বিকাশৰ দৌৰত অসম ইতিমধ্যেই ছিটভঙলা দিছে আৰু অসমত বিকাশৰ ৰথ ইতিমধ্যে খালত পৰিছে।. বৰঠাকুৰে পুনৰ কয় “ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাণ ১ নং মিনিহোলাৰ দুটি শিশুৰ শীতৰ প্ৰকোপ তথা কাপোৰৰ অভাৱত যোৱা ১৩ আৰু ১৭ জানুৱাৰীত মৃত্যু হয়, দুটি কণমানিৰ মৃত্যুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই যে ৰাজ্যখন সুকলমে চলাব পৰা নাই তাকে প্ৰমাণ কৰিছে ।” “কিছুদিন পূৰ্বে বৃহত্তৰ মৰাণ অঞ্চলত প্ৰবল শিলাবৃষ্টি হৈ বহু লোকৰ ঘৰৰ চালি ধ্বংস কৰি পেলাইছিল । শিলাবৰ্ষণৰ পাছত অঞ্চলটোত যিহেতু প্ৰচণ্ড শীত পৰিছিল সেয়েহে অসম চৰকাৰে তাৎক্ষণিকভাৱে দুখীয়া লোকসকলৰ ঘৰ আৰু চালিবোৰ নিৰ্মাণ কৰি দিব লাগিছিল। শীতত আক্ৰান্ত লোকসকলক পৰ্যাপ্ত পৰিমাণৰ গৰম কাপোৰ যোগান ধৰিব লাগিছিল । অথচ চৰকাৰৰ ফালৰপৰা তেনে কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল।” তেও লগতে কয়।
সংবাদ মেলখনত বৰঠাকুৰে শীতত মৃত্যু হোৱা লোককেইজনক জীয়াই থকাৰ বাবে প্ৰয়োজনীয় সমল যোগান ধৰিব নোৱৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীজনে শীঘ্ৰে এনে অকাল মৰণৰ নৈতিক দায়িত্ব মূৰ পাতি ল’ব লাগে বুলি দাবী উত্থাপন কৰে আৰু দুৰ্ভগীয়া পৰিয়ালকেইটাক যথাযথ ক্ষতিপূৰণ প্ৰদান কৰি অসম চৰকাৰে নিজৰ অক্ষমতাৰ দোষ স্বীকাৰ কৰিব লাগে বুলি কয় ।