True and Honest

গোলাঘাটত মাতৃৰ বস্ত্ৰতে মেৰ খাই শিশুৰ মৃত্যু

0 74

গোলাঘাটৰ মৌখোৱাত অঘটন ৷খেলি থকা অৱস্থাতেই মৃত্যুক সাৱতিলে গোলাঘাটৰ মৌখোৱাৰ এজন শিশুৱে। বিদ্যালয়ৰ সাজপোচাকতেই খেলি থকা অৱস্থাত হঠাৎ মৃত্যুক আকোঁৱালি ল’লে মৌখোৱাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰজনে। নিজ মাতৃৰ চুৰ্ণীখনে খেলি থকা অৱস্থাত হঠাৎ মেৰ খাই যোৱাত অচেতন হৈ পৰা ল’ৰাটোক ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ উল্লেখ্য আত্মীয়ই উল্লেখ কৰা অনুসৰি বিদ্যালয়ৰ সাজপাৰ পৰিধান কৰি খেলি আছিল ছাত্ৰজন কিন্তু হঠাৎ চুৰ্ণীখন ডিঙিত মেৰ খাই যায় আৰু কৰুণ মৃত্যুক সাৱতিলগীয়া হয় ৷ নিজ মাতৃৰ চুৰ্ণীখনেৰে খেলি থকা অৱস্থাত গ্ৰীলত লাগি মৃত্যুক সাৱটিব লগা ঘটনাৰ পিছত পৰিয়ালটো শোঁকত ভাগি পৰাৰ লগতে এতিয়া সমগ্ৰ অঞ্চলজুৰিত শোঁকৰ ছাঁ পৰিছে ৷

Leave A Reply