True and Honest

জোনমনি ৰাভাৰ মৃত্যুৰ ৰহস্য ভেদৰ দায়িত্ব চিবিআই ক অৰ্পণ কৰাৰ সম্ভাৱনা

0 88

যোৱা ১৬ মে’ত হঠাৎ আৰক্ষী বিষয়া জোনমনি ৰাভাৰ দূৰ্ঘটনাত পতিত অৱস্থাত মৃতদেহ আৱিস্কাৰ হোৱাৰ পাচতে নিতৌ পোহৰলৈ আহিছে নতুন নতুন তথ্য।
সম্প্ৰতি চি আই ডি এ তদন্ত অব্যাহত ৰখা ঘটনাটো হত্যা, আত্মহত্যা নে দূৰ্ঘটনা সকলোবোৰ সন্দেহৰ আৱৰ্তত।
আৰক্ষীৰো ভূমিকা সন্দেহজনক বুলি বিভিন্নজনে সমগ্ৰ ঘটনাটো চি বি আইৰ তদন্ত দাবী কৰাৰ সময়তে ৰাজ্যৰ মূখ্যমন্ত্ৰীয়েও দিছে ইতিবাচক ইংগিত।

অসম বিধান সভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ জেষ্ঠ্য নেতা দেৱব্ৰত শইকীয়াই উল্লেখ কৰে যে অসম আৰক্ষীৰ বিভাগে অসম আৰক্ষীৰ বিৰুদ্ধে অনুসন্ধান কৰাতকৈ কেন্দ্ৰীয় সন্থাই অনুসন্ধান কৰিলে তদন্ত প্ৰক্ৰিয়া সঠিক হ’ব। ঘটনাটোত বহু আৰক্ষীৰো নাম সাঙোৰ খাইছে। বহুতো সন্দেহজনক কথা ওলাইছে। বহু থানা জড়িত হোৱাৰ কথা ওলাইছে। লগতে বৰ্তমান এছ পি পৰ্যায়ৰ বিষয়াই সম পৰ্যায়ৰ বিষয়াক প্ৰশ্ন কৰিছে। গতিকে সমগ্ৰ বিষয়টো নিৰপেক্ষ তদন্তৰ বাবে চিবিআইক অৰ্পন কৰিব লাগে বুলি তেও মন্তব্য কৰে।

ইফালে, ঘটনাটোৰ চিবিআই তদন্তৰ দাবীত শুকুৰবাৰে আম আডমী পাৰ্টী অসমে গুৱাহাটীৰ দিছপুৰত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীয়ে কয় যে গৃহ বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে। ৰাইজক নিৰাপত্তা দিয়াত আৰক্ষী ব্যৰ্থ হৈছে বুলিও প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে।

অখিল গগৈয়ে পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰি চিবিআই তদন্ত দাবী কৰে। ৰাইজৰ দলৰ প্ৰতিনিধিৰ দলে জোনমনি ৰাভাৰ পৰিয়ালক সাক্ষাৎ কৰি জোনমনি ৰাভা ষড়যন্ত্ৰৰ বলি হোৱা বুলি প্ৰকাশ কৰে।

সমান্তৰালকৈ আন বহুতো লোকে দাবী কৰাৰ সময়তে মুখ্যমন্ত্ৰীৰ ভাষ্যৰ পৰা ঘটনা সন্দৰ্ভত চিবিআইৰ তদন্ত সম্ভাৱনা প্ৰকট হৈ পৰিছে।
উল্লেখ্য যে, জোনমনি ৰাভাৰ মৃত্যৰ লগে লগে অসমত চলি থকা বহুতো কলা বেহাৰ কথা পোহৰলৈ আহিছে। এনে সময়ত ঘটনাটো চিবিআইৰ হাতলৈ অৰ্পণ কৰিলে অন্ধকাৰ জগতৰ বহুতো কথা ৰাইজৰ সন্মুখলৈ আহিব।

উল্লেখ্য যে, যোৱা ১৬ মে’ত নগাও জিলাৰ জখলাবন্ধাত আৰক্ষী বিষয়া জোনমনি ৰাভাৰ মৃতদেহ উদ্ধাৰ হৈছিল। প্ৰথম অৱস্থাত দূৰ্ঘটনাত মৃত্যু হোৱা বুলি ধৰা হৈছিল যদিও পাচলৈ আন বহু কথা পোহৰলৈ আহিছিল। শেহতীয়াকৈ ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা এজন যুৱকে সমগ্ৰ ঘটনা সন্দৰ্ভত এক বিপৰীত ভাষ্য প্ৰদান কৰিছে। জোনমনি ৰাভাৰ দূৰ্ঘটনাত ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্তৰ দায়িত্ব চি আই ডিক দিয়া হৈছে। বৃহস্পতিবাৰে আৰক্ষীয়ে যুৱকজনৰ পৰা ভাষ্য গ্ৰহণ কৰিছে।
ইফালে, আৰক্ষীৰ সূত্ৰৰ পৰা জানিবলৈ পোৱা অনুসৰি দূৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকে বৃহস্পতিবাৰে নিশাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে আৰু চালকজনক সম্প্ৰতি চিআইডি য়ে জেৰা অব্যাহত ৰাখিছে।

Leave A Reply