True and Honest

বাও ধানেৰে নৱ বিপ্লৱ অনাৰ প্ৰচেষ্টা বৰ-নৈ অৰগেনিক্সৰ (Bor-Noi Organics)

0 89

গুৱাহাটী, ২৯ ছেপ্টেম্বৰঃ আধুনিক জগতত হেৰাই যাব ওলোৱা বাও ধানেৰে “বৰ-নৈ অৰগেনিক্সে” (Bor-Noi Organics) নৱ বিপ্লব অনাৰ চেষ্টা কৰিছে। সেই উদ্দেশ্যে আজি গুৱাহাটী প্ৰেছ ক্লাৱত বৰ-নৈ ষ্টাৰ্টআপ কোম্পানীটোৰ তৰফৰ পৰা কাপ্পা সান্দহ (Cuppa Handoh) নামেৰে তৎক্ষণাৎ বনাই খাব পৰা জলপানৰ এক বিশেষ সামগ্রী মুকলি কৰে। এই কাপ্পা সান্দহ ৰাজ্যৰ ৰঙা বাও ধানৰ পৰা তৈয়াৰ কৰা হয় আৰু এক উৎকৃষ্ট ঔষধি চাউল বুলি বৰ-নৈৰ মেনেজিং ডাইৰেক্টৰ গৌতম হাজৰিকাই জানিবলৈ দিয়ে।

হাজৰিকাই আৰু কয় যে, “মেগি, নুডলছৰ অন্যতম বিকল্প কাপ্পা সান্দহত গুৰ মিহলি কৰা থাকে, য’ত আইৰণ, জিংক, কেলচিয়াম, ভিটামিন বি, চি আৰু এণ্টিঅক্সিডেণ্ট সমৃদ্ধ। ইয়াৰ বিশেষ গুণাগুণটো হ’ল ই মাত্ৰ ৪ মিনিটত খাবলৈ সাজু হৈ উঠে, যি শিক্ষাৰ্থী অথবা অফিচৰ কৰ্মচাৰীসকলৰ বাবে এক পুষ্টিসমৃদ্ধ পুৱাৰ আহাৰ হিচাপে গণ্য কৰিব পাৰি।

ইপিনে, বাও ধানেৰে বিপ্লব অনাৰ প্ৰচেষ্টা সন্দৰ্ভত হাজৰিকাই কয় যে, “স্বাস্থ্য সচেতন লোকসকলৰ লগতে যিসকলে পুষ্টিকৰ, দ্ৰুত আৰু সুবিধাজনক খাদ্যৰ বিকল্প বিচাৰে, তেওঁলোকৰ বাবে বাও ধানেৰে তৈয়াৰী কাপ্পা সান্দহ এক উৎকৃষ্ট তাৎক্ষণিক খাদ্য। ইয়াত থকা পুষ্টিকৰ মানদণ্ড আৰু স্বাস্থ্যকৰ উপাদানে শৰীৰক বিভিন্ন ৰোগৰ পৰা আঁতৰাই ৰখাত সহায় কৰে। ঔষধি চাউল হিচাপে বিবেচিত বাও ধানেৰে তৈয়াৰী এই সামগ্রী সমূহ অন্য পুৱাৰ আহাৰতকৈ অতিকৈ উৎকৃষ্ট মানদণ্ডৰ হয়, য’ত চেনী, চৰ্বি আৰু অস্বাস্থ্যকৰ উপাদান আদি নাথাকে।” গ্ৰাহকে অনলাইনযোগে www.bornoiorganics.com ৱেবছাইটৰ জৰিয়তে অৰ্ডাৰ কৰিব পাৰিব।”

Leave A Reply