Website Design: dastechnologies
সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু নাম সলোৱা কাৰ্য আদালত অৱমাননাৰ অপৰাধ বুলি অভিহিত কৰিছে অসম সন্মিলিত মহাসংঘই ।
সংবাদ বিজ্ঞপ্তিযোগে মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে কয় যে, “২০০৫-০৭ চনত দেশৰ আন ৰাজ্যবোৰত সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছিল । অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীত কৰাৰ কাম কৰিবলৈ প্ৰস্তুত হোৱা হেতুকে অসমৰ দল-সংগঠনসমূহে নিৰ্বাচন আয়োগক আপত্তি দৰ্শোৱা বাবেই এই কাম হোৱা নাছিল ।” লগতে মহাসংঘই অভিযোগ কৰে যে ২০২৪ চনৰ লোক সভাৰ নিৰ্বাচনত মুনাফা লাভ কৰিবলৈকে বিজেপি চৰকাৰে নিৰ্বাচন আয়োগক হেঁচা দি খৰখেদাকৈ কিছুমান সমষ্টিৰ নাম বিলুপ্ত কৰি, কিছুমান সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰি, কিছুমান সমষ্টিৰ নাম নতুনকৈ দি এক খচৰা প্ৰকাশ কৰিছে ।
‘Shave Head’ Protest Held At Manas National Park
”অসমৰ বিজেপি-অগপৰ বাহিৰে আন সকলো ৰাজনৈতিক দল-সংগঠনে ইয়াৰ তীব্ৰ বিৰোধীতা কৰিছে । অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম চূড়ান্ত হোৱা নাই । ছুপ্ৰিম কৰ্টৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে অসম সন্মিলিত মহাসংঘৰ ৫৬২/২০১২, ৮৭৬/২০১৪, ৩১১/২০১৫ আৰু ৬৮/২০১৬ নং গোচৰত যি ৰায় দিব তাৰ ভিত্তিতহে নাগৰিক পঞ্জী চূড়ান্ত হ’ব বুলি ২০১৯ চনৰ ১৩ আগষ্টত দিয়া নাগৰিক পঞ্জী সম্পৰ্কীয় ৰায়ত তেতিয়াৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ঘোষণা কৰি গৈছে । লগতে সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় এটা গোচৰৰ শুনানী ২৫ জুলাইত ছুপ্ৰিম কৰ্টত অনুষ্ঠিত হ’ব ।” প্ৰেছ টোকাত এই কথা উল্লেখ কৰি মহাসংঘৰ সভাপতি পেৰং চিৰি, কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু মহা সচিব পূৰ্ণানন্দ ৰাভাই সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় খচৰা শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছে আৰু যোৱা ১০ জুলাইত নিৰ্বাচন আয়োগক এক পত্ৰ যোগে এই কথা জনাইছে ।
মহাসংঘই কয় যে আহোম, মৰাণ, মটক, চুতীয়া, সোনোৱাল, ঠেঙ্গাল, দেউৰী, তিৱা, কোচ ৰাজবংশী, গৰীয়া, মৰীয়া, দেশী, কৈৱৰ্ত আদি বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰি হিন্দু বাঙালী, মুছলমান বাঙালী, হিন্দী ভাষী আৰু নানা অ-খিলঞ্জীয়া তথা অনা-অসমীয়ালোকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈহে বিজেপিয়ে এই কাম কৰিব খুজিছে ।
বিজেপিয়ে অসমৰ হাজাৰ বছৰীয়া খিলঞ্জীয়া জনগোষ্ঠী সমূহক নিজৰ গৃহভূমি তথা উপৰিপুৰুষৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা নিজস্ব ভূ-খণ্ড অসমত ৰাজনৈতিক অধিকাৰ তথা শাসন ক্ষমতাৰ পৰা বঞ্চিত কৰিবলৈকে এই ভয়ানক ষড়যন্ত্ৰ কৰিছে বুলি মহাসংঘই কয় ।