True and Honest

বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ, গুৱাহাটীত মুখ্যমন্ত্ৰীৰ ঘোষণা

0 79

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে গুৱাহাটীত ঘোষণা কৰে যে অসমত বাল্য বিবাহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ কঠোৰ হ’ব। লগতে অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাব বুলি তেও প্ৰকাশ কৰে।
ৰাজধানী দিছপুৰত আজি অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছত এখন সংবাদমেল অনুষ্ঠিত কৰি শৰ্মাই কয়, কেন্দ্ৰীয় চৰকাৰৰ জৰীপ অনুসৰি অসমত ১১.৭ শতাংশ ছোৱালীয়ে আইনৰ দ্বাৰা অনুমোদিত বয়সৰ পূৰ্বে মাতৃত্বৰ বোজা বহন কৰি আহিছে । জিলা অনুসৰি এই হাৰ হৈছে ধুবুৰী ২২%, দক্ষিণ শালমাৰা ২২%, কামৰূপ ১৫%, দৰং ১৬%। হোজাই ১৫%, বঙাইগাঁও ১৫%, নগাঁও ১৫%, বৰপেটা ১৪% ইত্যাদি।
আনহাতে প্ৰতিবেদন অনুসৰি অসমৰ প্ৰায় ৩১ শতাংশ ছোৱালী বাল্য বিবাহৰ বলি হৈছে। বেছিভাগ ক্ষেত্ৰত ধুবুৰী ৫০ শতাংশ, দক্ষিণ শালমাৰা ৪৪%, দৰং ৪২%, নগাঁও ৪২%, গোৱালপাৰা ৪১, বঙাইগাঁও ৪১, বৰপেটা ৪০% ইত্যাদি।
তেওঁ কয় যে শিশুৰ মৃত্যু আৰু প্ৰসূতিৰ মৃত্যুৰ এক কাৰণ হৈছে বাল্য বিবাহ,

অসম কেবিনেটে এটা সিদ্ধান্ত লয় যে প্ৰতিজন গাঁও পঞ্চায়ত চেক্ৰেটাৰীয়ে বাল্য বিবাহ নিষিদ্ধকৰণ বিষয়া হিচাপে কাম কৰিব,’ তেওঁ লগতে কয়।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এতিয়াৰ পৰা তেওলোকৰ গাঁও পঞ্চায়তত বাল্য বিবাহৰ ক্ষেত্ৰত আৰক্ষী থানাত গোচৰ ৰুজু কৰাটো তেওঁলোকৰ দায়িত্ব হ’ব।

Leave A Reply