বাংলাদেশীক গ্ৰেপ্তাৰ কৰাৰ পাচত কি ক’লে অসম আৰক্ষীয়ে

গুৱাহাটীঃ অসমত পৰ্যটক ভিছাৰ অপব্যৱহাৰ কৰা হৈছে বুলি অসম আৰক্ষীয়ে আজি উল্লেখ কৰে । আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্য়োতি মহন্তই কয় যে বাংলাদেশী ধৰ্মগুৰুসকলে ৰাজ্যখনৰ দূৰৱৰ্তী অঞ্চলত ধৰ্মীয় সভা আয়োজন কৰি পৰ্যটক ভিছাৰ নিয়ম উলংঘা কৰিছে।
অসমৰ বিশ্বনাথ জিলাত ১৭ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ এদিন পিছতে আৰক্ষীয়ে এনেদৰে উল্লেখ কৰে । অলপতে, চৈয়দ আশ্ৰাফুল আলম নামৰ এজন ব্যক্তিৰ নেতৃত্বত বিশ্বনাথ জিলাৰ বাঘমাৰী অঞ্চলৰ পৰা ধৰ্মীয় প্ৰচাৰ চলোৱাৰ অভিযোগত ১৭ জনীয়া বাংলাদেশী নাগৰিকৰ এটা দলক গ্ৰেপ্তাৰ কৰা হয়। সেই সন্দৰ্ভতে অসম আৰক্ষীয়ে গুৱাহাটীত এই কথা উল্লেখ কৰে ।

assamassam policeTheguwahatiTourist Visas Being Misused : Assam Policeঅসম আৰক্ষীঅসমত পৰ্যটক ভিছাৰ অপব্যৱহাৰ কৰা হৈছে: অসম আৰক্ষী (Assam Police)গুৱাহাটীবাংলাদেশীভাস্কৰজ্য়োতি মহন্ত
Comments (0)
Add Comment