ভোগালীৰ উচাহ-উদ্দীপনাৰ মাজতে কাজিৰঙাত ভয়াৱহ পথ দুৰ্ঘটনা, তিনিজনৰ থিতাতে নিহত

কাজিৰঙাৰ হাতীখুলিত কয়লা ভৰ্তি ট্ৰাকে মহতিয়াই নিলে পথত খোজকাঢ়ি থকা পাঁচজন লোকক । ফলত তিনিজনৰ ঘটনাস্থলীতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। হাতীখুলি নিৱাসী তিনিওজন একেটা পৰিয়ালৰে লোক বুলিও সূত্ৰত প্ৰকাশ।
আনহাতে, গুৰুতৰভাৱে আহত দুজন লোকক সংকটজনক অৱস্থাত কহঁৰা বেজা বৈষ্ণৱ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। দুৰ্ঘটনাটো সংঘটিত হয় পুৱা ৫-৩০ মান বজাত কাজিৰঙাৰ হাতীখুলিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত।
ইপিনে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চকা ফুটি যোৱাৰ ফলত হাতীখুলিৰ দলঙৰ তলত সোমাই পৰে ট্ৰাকখন।
আনহাতে, লগে লগে পলায়ন কৰে ট্ৰাকৰ চালক-হেণ্ডিমেন।

Accident in kajirangaassamthe guwahatiঅসম
Comments (0)
Add Comment