কাজিৰঙাত প্ৰশংসিত তিনিগৰাকী বিদেশী যুৱতী

কাজিৰঙাত পৰিবহণ বিভাগে কৰা তালাচীৰ সময়ত সকলো যান বাহন আইন মানি চলাৰ বাবে প্ৰশংসিত তিনিগৰাকী বিদেশী যুৱতী । মোৰিয়া, তালিয়া আৰু মেলিয়া হৈছে ইজৰাইলৰ পৰা কাজিৰঙা ভ্ৰমণৰ বাবে অহা তিনি সুন্দৰী যুৱতী। প্ৰকৃততে এখন সৰু বাহনত সকলো সামগ্ৰীৰ সৈতে যাত্ৰা আৰম্ভ কৰা এই তিনি যুৱতীৰ লক্ষ্য উত্তৰ পূৰ্বাঞ্চলৰ সাতখনকৈ ৰাজ্য ভ্ৰমণ কৰা। ভ্ৰমণৰ আৰম্ভণী হৈছে কাজিৰঙাৰ পৰা । নিজেই গাড়ী চলাই গুৱাহাটীৰ পৰা কাজিৰঙাত উপস্থিত হৈছেহি তিনি যুৱতী। । সকলো যাৱতীয় নথি পত্ৰৰ লগতে চীটবেল্ট,স্পীডলিমিট মানি গাড়ী চলাই প্ৰশংসিত যুৱতীকেইগৰাকী । কাজিৰঙা ভ্ৰমণৰ বাবে অহা তিনিযুৱতীক প্ৰশংসাৰে উপচালে কাজিৰঙাত থকা গোলাঘাট জিলা পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে।  কাজিৰঙাৰ ৰাজপথত ৪০ কিঃমিঃ প্ৰতি ঘন্টাৰ স্পীড লিমিটকে আদি কৰি আন যান বাহন আইন ভংগ কৰি জৰিমণাৰ সন্মুখীন হৈছে বৃহৎ সংখ্যক লোক। তেনেক্ষেত্ৰত বিদেশী তিনিযুৱতীয়ে চীটবেল্ট, স্পীড লিমিটৰ নিয়ম মানি বাহন চলাই যেন আদৰ্শ দেখুৱালে সকলোকে।

assamkazirangathe guwahatiThree foreign girls praised in Kazirangaঅসমকাজিৰঙাত প্ৰশংসিত তিনিগৰাকী বিদেশী যুৱতী
Comments (0)
Add Comment