হাইলাকান্দিত উদ্ধাৰ বিলুপ্ত প্ৰজাতিৰ ৭টা কলা বান্দৰ

হাইলাকান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৭টা কৈ বিলুপ্ত প্ৰজাতিৰ কলা বান্দৰ বা Ape । সোমবাৰ নিশা আনুমানিক ৯ বজাত স্থানীয় জামিৰা আৰক্ষী চকিৰ নাকা চেকিংত এটা ট্ৰাকৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে বান্দৰ কেইটা । মিজোৰামৰ পৰা অহা এটা ট্ৰাকৰ ভিতৰত চাৰিটা বাকচৰ ভিতৰত লুকুৱাই সৰবৰাহ কৰি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে বান্দৰ কেইটাক । পিছত পশু চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত বন বিভাগক হস্তান্তৰ কৰা হয় বান্দৰ কেইটাক । লগতে ট্ৰাকৰ চালক আৰু তেওঁৰ লগতে থকা আন এগৰাকী ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে। বৰ্তমানে এই দুজনক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে । আন্তৰ্জাতিক চোৰাং বজাৰত এই বিলুপ্ত প্ৰজাতিৰ বান্দৰৰ মূল্য কেইবা কোটি টকা হ’ব বুলি অনুমান কৰা গৈছে বুলি জনাইছে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক নবনীত মহন্তই । আনহাতে, উদ্ধাৰ হোৱা পশু কেইটাক গুৱাহাটী চিৰিয়াখানালৈ প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

assamhailakandiSeven black monkeys of extinct species rescued in Hailakandithe guwahatiহাইলাকান্দিত উদ্ধাৰ বিলুপ্ত প্ৰজাতিৰ ৭টা কলা বান্দৰ
Comments (0)
Add Comment