পশ্চিম গুৱাহাটীৰ কাঁহিকুছি গাঁও পঞ্চায়তত কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

গুৱাহাটী , ১৫ নৱেম্বৰ : পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ আটাইকেইখন গাঁও পঞ্চায়ত এলেকাত বিগত সময়চোৱাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিভিন্ন কেন্দ্ৰীয় – ৰাজ্যিক আঁচনিৰ অনুদানৰে বিভিন্ন উন্নয়ন মূলক কাম কৰি থকা পৰিলক্ষিত হৈছে । ইয়াৰ অংশহিচাপে কাঁহিকুছি গাঁও পঞ্চায়ত এলেকাত পঞ্চদশ বিত্তীয় আয়োগৰ প্ৰায় ৩২ লাখ টকাৰে নিৰ্মাণ , পুনঃ নিৰ্মাণ আৰু মেৰামতিৰ বাবে মুঠ ১০ টা প্ৰকল্পৰ আজি আধাৰশিলা স্থাপন কৰা হয় । প্ৰকল্প কেইটা হল ক্ৰমে – মাটিয়া ইছলামপুৰ অংগনবাদী কেন্দ্ৰ , মাটিয়া কালী মন্দিৰ চৌহদত শৌচাগাৰ আৰু প্ৰসাৱগাৰ , মাটিয়া গৰাখহনীয়া সৎসংগ প্ৰাথমিক বিদ্যালয় , মাটিয়া নতুনবস্তি অংগনবাদী কেন্দ্ৰ , জবে – পাটগাওঁৰ নলা মেৰামতি , জবে পাটগাঁও প্ৰাথমিক বিদ্যালয় , শ্যামভূমি হাইস্কুল , শ্যামভূমি মজলীয়া বিদ্যালয় , বুল্লাৰপাৰ প্ৰাথমিক বিদ্যালয় আৰু যোগীপাৰা দৈৱ্যজ্যোতি বালিকা বিদ্যালয় । মাংগলিক কাৰ্যৰ জৰিয়তে আধাৰশিলা স্থাপন কৰে বিধায়ক বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । এই উপলক্ষে আটাইকেইটা স্থানতে বহুসংখ্যক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় তেওঁ সমষ্টিৰ প্ৰতিটো অঞ্চলৰ উন্নয়নৰ বাবে দায়বদ্ধ আৰু আঁচনি সমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত যাতে ৰূপায়িত হয় তাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে । কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ আঁচনি সমূহ যাতে ৰূপায়ণ কৰা হয় তাৰ ওপৰত চকু ৰাখিবলৈ ৰাইজক বিধায়ক কলিতাই আহ্বান জনায় । সভাত ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন , অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সুভাষ শৰ্মা , কামৰূপ জিলা সমিতিৰ সম্পাদক পৰেশ বৰুৱা , পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী , পশ্চিম গুৱাহাটী মহিলা বিধান পৰিষদৰ কোষাধ্যক্ষ ভাৰতী সিং কছাৰী , কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া , সচিব সুবোধ কলিতা , অগপৰ কাঁহিকুছি অঞ্চলিকৰ সভাপতি প্ৰভাত দলৈ , সম্পাদক গৌতম কাকতি , ৰাণীৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰ্যবেক্ষক হাঁচিনা বেগম , বিদ্যালয় সমূহৰ প্রধান শিক্ষককে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।

assamguwahatikahikuchiMLA Ramendra Narayan Kalita lays foundation stone of several projects in Kanhikuchi gram panchayat in west Guwahatithe guwahatiকাহিকুছিপশ্চিম গুৱাহাটীৰ কাঁহিকুছি গাঁও পঞ্চায়তত কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰৰমেন্দ্ৰ নাৰায়ণ কলিতা
Comments (0)
Add Comment